Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
নিৰূপমা বৰগোহাঞি (ইংৰাজী: Nirupama Borgohain) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ।
নিৰূপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও “ৰামধেনু”ত প্ৰকাশিত “এনথ্ৰ’প’ল’জিৰ সপোন” নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত “অভিযাত্ৰী” গ্ৰন্থৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
নিৰূপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভনি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত পাণ্ডুত অৱস্থিত “নেতাজী বিদ্যাপীঠ”ত যোগদান কৰে ।
পৰৱৰ্তীকালত সেইসময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ নিমন্ত্ৰনক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে।
এবছৰ কাল তাত অধ্যাপনা কৰা পাছত মাজুলীলৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায় ।
তেখেতে কিছুবছৰ লখিমপুৰ মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।
© scientiabooks.in an online Book Store in Guwahati, Assam India.