No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
পদ্মনাথ গোহাঞিবৰুৱা (ইংৰাজী: Padmanath Gohainbaruah) (১৮৭১-১৯৪৬) একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰৱন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম । অসম সাহিত্য সভা আৰু পদ্মনাথ গোহাঞিবৰুৱা ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় পদ্মনাথ গোহাঞিবৰুৱা । ২৬ আৰু ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত এই সভাত সভাপতিৰ আসনৰ পৰা তেখেতে কৈছিল, “জাতীয় অন্তৰম ভাৱ, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। আকৌ ভাষাতকৈ সাহিত্য এখোজ আগ। সেই কাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত জাতীয় সাহিত্য তাতোকৈ এখোজ আগুৱাই যায়। গতিকে মানুহৰ জাতি আৰু ধৰ্ম সাহিত্যৰ ভেঁটি হ’লেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। সাজ-পাৰ আদিয়েও এই বিষয়ত সাহিত্যক পিছ পেলাই আগবাঢ়িব নোৱাৰে। ১৯১৮ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাবে তেখেত সম্পাদক নিৰ্বাচিত হয়। এই সভাত সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। ১৯৩৩ চনত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাত তেখেতক সম্বৰ্ধনা জনোৱা হয়। ১৯০৬ চনত তেখেতক ইংৰাজ চৰকাৰে সাহিত্যিক পেন্সন আগবঢ়ায়।
© scientiabooks.in an online Book Store in Guwahati, Assam India.