No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
ড° ভূপেন হাজৰিকা (হিন্দী: भुपेन हजारिका, ইংৰাজী: Bhupen Hazarika) (১৯২৬-২০১১), অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও তেখেত চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধান সভাৰ সদস্য আছিল । নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল । তেখেতে কাৰ্য্যনিবাহ কৰা অন্য পদসমূহ হ’ল :- চেয়াৰমেন, এপেলেট বডী অব চেন্ট্ৰেল ব'ৰ্ড অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ। মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া। ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব'ৰ্ড অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ভাৰত চৰকাৰ। এক্জিকিউটিভ কাউন্সীল মেম্বাৰ, চিল্ড্ৰেন্স ফিল্ম চ'চাইটী। মেম্বাৰ, ব'ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ। চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৮৫। জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০ লৈকে কেইবাবাৰো। মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিশ্যন কাৰ্য্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত চফ্টৱেৰ প্ৰগ্ৰেমিংত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ, ফিল্ম এণ্ড টেলিভিশ্যন ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত চৰকাৰ।
© scientiabooks.in an online Book Store in Guwahati, Assam India.