No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
ড° হীৰেন গোহাঁই (হিন্দী: हीरेन गोहाँइ, ইংৰাজী: Hiren Gohain), অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন প্ৰতিষ্ঠিত সাহিত্যিক আৰু সমালোচক । ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ স্বৰ্গীয় শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল। উত্তৰ গুৱাহাটীত তেখেতৰ পৈত্ৰিক ঘৰ আছিল। ড° গোহাঁই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূৰ্বে অৱসৰ লৈছে। সাংবাদিকৰূপে ড° হীৰেন গোহাঁই: ড° হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে নতুন পৃথিৱী(১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল । বঁটা: কমল কুমাৰী ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা কমল কুমাৰী বঁটা লাভ। "অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড° হীৰেন গোহাঁইক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। উল্লেখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল।
© scientiabooks.in an online Book Store in Guwahati, Assam India.