No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 190.00 Original price was: ₹ 190.00.₹ 133.00Current price is: ₹ 133.00.
দ্য টপ গিয়েৰ : দুৰ্গম ঠাইলৈ মটৰ চাইকেলেৰে কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী
উজ্বল দিপ্লু গগৈ
THE TOP GEAR : A COLLECTION OF TRAVEL STORIES
WRITTEN BY : UJJWAL DIPLU GOGOI
PUBLICATION : PURBAYON
ISBN : 978-93-90919-83-3
প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ 2021
তৃতীয় প্ৰকাশ : জানুৱাৰী 2022
PAGES : 119
LANGUAGE : ASSAMESE
In stock
#দ্য_টপ_গিয়েৰ ব্যতিক্ৰমী সোৱাদৰ এক ৰোমাঞ্চকৰ ভ্ৰমণ কাহিনী। মটৰ চাইকেলেৰে কৰা দুৰ্গম যাত্ৰাৰ দুঃসাহসিক বৰ্ণনাৰে উজ্জ্বল দিপ্লু গগৈয়ে লিখি উলিওৱা গ্ৰন্থখন প্ৰকাশ কৰিছে পূৰ্বায়ণ প্ৰকাশনে।
১৭,৮০০ ফুট উচ্চতাত থকা চিকিমৰ গুৰুদংমাৰ শিখৰলৈ শিহৰণকাৰী যাত্ৰাৰ সজীৱ বৰ্ণনাৰে গ্ৰন্থখনৰ আৰম্ভণি। পৰৱৰ্তী অধ্যায়সমূহত সন্নিৱিষ্ট হৈছে অৰুণাচল টাই-খামটিসকলৰ বসন্ত আদৰা উৎসৱ ‘চাং কেন’ৰ বিচিত্ৰ অভিজ্ঞতা, এনফিল্ডেৰে টাৱাং, জয়ন্তীয়া পাহাৰ, নেপাল যাত্ৰাৰ মনোমোহা বৰ্ণনা।
অৱশ্যে ‘দ্য টপ গিয়েৰ’ক কেৱল বৰ্ণনামূলক একঘেয়ামী ভ্ৰমণ কাহিনী বুলি মুঠেই ক’ব নোৱাৰি। লেখকৰ জড়তাবিহীন স্বতঃস্ফূৰ্ত ভাষা আৰু কথনশৈলীয়ে গ্ৰন্থখনকো প্ৰথমৰ পৰা শেষলৈ যাত্ৰা-পথবোৰৰ দৰেই গতিশীল কৰি ৰাখিছে। সমান্তৰালকৈ পাঠককো মানসিকভাৱে লৈ যাব পাৰিছে গন্তব্য স্থানলৈ।
কেৱল পাহাৰীয়া যাত্ৰাপথৰ দৃষ্টিনন্দন প্ৰাকৃতিক সৌন্দৰ্যৰ কথাই নহয়; সৰু-বৰ আনুষংগিক ঘটনা-পৰিঘটনাৰ সৰস আৰু সজীৱ উপস্থাপন তথা সহযাত্ৰীৰে সৈতে কথোপকথনে গ্ৰন্থখনক অধিক আকৰ্ষণীয় কৰি তুলিছে। তদুপৰি ঠাইসমূহৰ ভৌগোলিক, ভূতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আদি দিশবোৰৰ তথ্যভিত্তিক বিৱৰণেৰেও গ্ৰন্থখন সমৃদ্ধ।
যাত্ৰাপথত মুখামুখি হোৱা বতৰৰ প্ৰতিকূলতা তথা অন্যান্য অনাকাংক্ষিত পৰিস্থিতিকো নেওচি অদম্য মানসিক শক্তিৰে লক্ষ্য স্থানত উপস্থিত হোৱা ‘দ্য টপ গিয়েৰ’ৰ মন-পৰশা কাহিনীয়ে পাঠককো উচ্ছসিত কৰি তুলিব। ক’ব পাৰি যে, ছ’চিয়েল মিডিয়া অথবা টেকন’লজিৰ যান্ত্ৰিকতাৰ পৰা ক্ষণিক আঁতৰাই এই গ্ৰন্থখনে পাঠকক প্ৰকৃতিৰ মনোৰম পৃথিৱী এখনলৈ লৈ যাব।
নিশ্চিতভাৱে এনেধৰণৰ যাত্ৰা সহজ নহয়; কিন্তু প্ৰত্যাহ্বানৰ মাজেৰে জীৱনৰ এনে অনন্য সোৱাদ লাভ কৰিবলৈ আগ্ৰহী ভ্ৰমণ-বিলাসীসকলক এই গ্ৰন্থখনে বাৰুকৈয়ে অনুপ্ৰাণিত কৰিব। কেৱল সেয়ে নহয়;এনেধৰণৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বাবেও সহায় কৰিব।
সুখবৰ যে, ‘দ্য টপ গিয়েৰ’ৰ দ্বিতীয় সংস্কৰণো ইতিমধ্যে মুকলি কৰা হৈছে। আশা কৰোঁ, পাঠক-সমাজে পূৰ্বৰ দৰেই আদৰি ল’ব।
#দ্য_টপ_গিয়েৰ
উজ্জ্বল দিপ্লু গগৈ
#পূৰ্বায়ণ_প্ৰকাশন
দ্য টপ গিয়েৰ : দুৰ্গম ঠাইলৈ মটৰ চাইকেলেৰে কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী
উজ্বল দিপ্লু গগৈ
THE TOP GEAR : A COLLECTION OF TRAVEL STORIES
WRITTEN BY : UJJWAL DIPLU GOGOI
PUBLICATION : PURBAYON
ISBN : 978-93-90919-83-3
প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ 2021
তৃতীয় প্ৰকাশ : জানুৱাৰী 2022
PAGES : 119
LANGUAGE : ASSAMESE
Powered by YARPP.
₹ 260.00 Original price was: ₹ 260.00.₹ 170.00Current price is: ₹ 170.00.
₹ 220.00 Original price was: ₹ 220.00.₹ 154.00Current price is: ₹ 154.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.