গতিশীলতাৰে জীৱন উদযাপনৰ নতুন মন্ত্ৰোচ্চাৰণ, জীৱনৰ নতুন অৰ্থসন্ধানী এখন গ্ৰন্থ
দ্য লাইফ নীডছ ম’ৰ
উজ্জ্বল দিপ্লু গগৈ
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
‘দ্য টপ গিয়েৰ’ নামৰ গ্ৰন্থখনেৰে পঢ়ুৱৈৰ মাজত ব্যাপকভাৱে চৰ্চিত আৰু জনপ্ৰিয় হৈ পৰা উজ্জ্বল দিপ্লু গগৈৰ নতুন গ্ৰন্থ ‘দ্য লাইফ নীডছ ম’ৰ’। গ্ৰন্থখনৰ শিৰোনামেই ইয়াৰ বিষয়বস্তুৰ ইংগিত দিয়ে। জীৱনৰ অসীমাকাংক্ষী যাত্ৰা তথা নতুনৰ প্ৰতি তীব্ৰ তাড়নাৰ কথাকে যেন কৈছে গ্ৰন্থখনে। ‘দ্য টপ গিয়েৰ’ৰ দৰেই এই গ্ৰন্থখনো এখন ভ্ৰমণ কাহিনী যদিও ইয়াক এখন পৰম্পৰাগত ভ্ৰমণ কাহিনীৰ পৰিচয়েৰে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। বিভিন্ন ঠাইলৈ লেখকে কৰা শিহৰণকাৰী আৰু বিচিত্ৰ বাইক ৰাইড, পশ্চিমঘাত পৰ্বতমালাৰ শিহৰণকাৰী ট্ৰেকিঙৰ কাহিনী পঢ়িলে পঢ়ুৱৈয়েও এটা যাত্ৰা তথা এডভেন্সাৰৰ অভিজ্ঞতাকে লাভ কৰিব। লেখকৰ প্ৰাণসঞ্চাৰী বিৱৰণ তথা ধাৰাভাষ্যই পঢ়ুৱৈক দিব এটা এটা বিচিত্ৰ যাত্ৰাৰ শিহৰণকাৰী অভিজ্ঞতা। কেৱল ভ্ৰমণবিলাসী, এডভেন্সাৰ প্ৰিয়সকলৰ বাবেই নহয়, উজ্জ্বল দিপ্লু গগৈৰ এই গ্ৰন্থ প্ৰতিজন সাহিত্য ৰসিকৰ বাবেই আগ্ৰহৰ উৎস পৰিব।

THE LIFE NEEDS MORE – A ...
or
error: Content is protected !!