সাম্প্ৰতিক সময়ৰ শক্তিশালী কথাশিল্পীৰ কলমেৰে প্ৰখৰ বাস্তৱৰ কাহিনী
আব্দুচ ছামাদৰ
দ্য ব্লেকাৰ

আজিয়েই সংগ্ৰহ কৰক
সাম্প্ৰতিক সময়ৰ এগৰাকী অতি শক্তিশালী কথাশিল্পী আব্দুচ ছামাদ। সাহিত্য ক্ষেত্ৰৰ জনাকীৰ্ণ ভিৰৰ পৰা অলপ আঁতৰি থাকি নিৰৱচ্ছিন্নভাৱে তেওঁ অসমীয়া সাহিত্যৰ সমৃদ্ধিৰ বাবে কাম কৰি গৈছে। তেওঁৰ শেহতীয়া সৃষ্টি ‘দ্য ব্লেকাৰ’-এ পঢ়ুৱৈৰ বাবে লৈ আহিছে প্ৰখৰ বাস্তৱৰ এখন শিল্পসন্মত ছবি। পঢ়ুৱৈৰ মনত এক সুকীয়া নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা ছামাদে সদায়ে সমাজ-বাস্তৱৰ বিচিত্ৰতাক নিজৰ সৃষ্টিৰ চালিকা শক্তি হিচাপে গ্ৰহণ কৰি আহিছে। ‘দ্য ব্লেকাৰ’ও তাৰ ব্যতিক্ৰম হোৱা নাই। সেইবাবেই তেওঁ পঢ়ুৱৈসকলৰ বাবে এই উপন্যাসৰ গুৰুত্ব আৰু আকৰ্ষণো একেই থাকিব।
অসমীয়া সাহিত্যৰ সমাজমুখী ধাৰাটোৰ এগৰাকী শক্তিশালী প্ৰতিনিধি হিচাপে নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা আব্দুচ ছামাদৰ এই নতুন উপন্যাসেও সেই ধাৰাটোৰে জেউতি বঢ়াব। সকলো শ্ৰেণীৰ সংবেদনশীল পঢ়ুৱৈৰ বাবেও এই উপন্যাস হ’ব গভীৰ আগ্ৰহৰ বিষয়।

The Blacker – Abdus Sama...
error: Content is protected !!