“প্ৰথমবাৰৰ কাৰণে তেওঁৰ কেইটামান গল্প পঢ়ি মই সঁচাকৈয়ে মুগ্ধ হ’লোঁ। গল্পকেইটাৰ বিষয়বস্তু অসাধাৰণ। অতি সূক্ষ্ম মনস্তত্ত্বৰ ওপৰত আধাৰিত গল্পকেইটাৰ আৱেদন বিশ্বজনীন। ”
বিনীতা বৈশ্যৰ গল্পপুথি #ঝাৱা সম্পৰ্কে এই মন্তব্য প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ। কাহিনী, প্লট, চৰিত্ৰ আদিৰ বৈচিত্ৰ্যৰে দহটা সুখপাঠ্য গল্প এই সংকলনত সন্নিৱিষ্ট কৰা হৈছে।
গল্পসমূহ মূলতঃ জীৱন বিষয়ক ভিন্ন উপাদানেৰে সমৃদ্ধ। প্ৰেম, যন্ত্ৰণা, প্ৰাপ্তি, অপ্ৰাপ্তি, অনুশোচনা, অন্তৰ্দ্বন্দ্ব আদি মানৱ মনৰ স্পৰ্শকাতৰ আৱেগ-অনুভূতিক গল্পকাৰে সংবেনশীলতাৰে তুলি ধৰিছে।
“মানুহে কয়, প্ৰেমত পৰা মানুহৰ হেনো ইচ্ছাশক্তি অদম্য। কৰ্মস্পৃহা অকল্পনীয়। কিন্তু মিছা–এই কথা মিছা বুলিয়েই ৰেৱতীয়ে প্ৰমাণ কৰিলে। মহেশ গুচি যোৱাৰ পাছৰ পৰা এটকাৰ বাবে তাই কাৰো ওচৰত হাত পতা নাই। শ্ৰম কৰিছে আৰু দুবেলা দুমুঠি ভালকৈ খাইছে। তাইৰ এই শক্তিৰ ওচৰত জঘন্য পুৰুষৰো পশুত্ব লোপ পাইছে। ”
মানৱ জীৱনৰ অসহায়, নিৰূপায় অৱস্থা অথবা জটিলতাক লেখিকাই সজীৱতাৰে চিত্ৰিত কৰিছে। ক’ব পাৰি যে, গল্পসমূহ প্ৰচুৰ মানৱীয় আৱেদনেৰে পৰিপুষ্ট। চৰিত্ৰসমূহৰ মনোজগতখনকো তেওঁ কাহিনী তথা সংলাপৰ মাধ্যমেৰে স্বচ্ছ ৰূপত প্ৰতিফলিত কৰিছে।
গল্পকাৰৰ ভাষা মন পৰশা। বৰ্ণনাৰ সাৱলীলতা আৰু সৰলতাই গল্পসমূহক সুন্দৰতা দান কৰিছে–
“… নৈয়েতো কথা নকয়। নৈৰ ভাষা জানো নুবুজোঁ আমি! ময়োতো বুজোঁ, ময়ো বুজোঁ নৈৰ ভাষা। গভীৰ নিশা তাইৰ কাষতে বহি থকা উদয়লৈ তাই ভেবা লাগি চাই ৰ’ল। আৰু লাহে লাহে তাই অনুভৱ কৰিলে যেন এটা কথা ক’ব পৰা মানুহৰ লগতহে তাই মনৰ কথা পাতিলে। এৰা, মনৰ ভিতৰৰ কথা, বহুদিনীয়া কথা। ”
জনজাতীয় পটভূমিত ৰচিত ‘ঝাৱা’ আৰু ‘য়ামেন’ নামৰ গল্প দুটি সংকলনটিৰ অন্যতম আকৰ্ষণ। তদুপৰি ভিন্নৰুচিৰ অন্যান্য গল্পসমূহেও পাঠকক আপ্লুত কৰিব।
#ঝাৱা
#বিনীতা_বৈশ্য
#পূৰ্বায়ণ_প্ৰকাশন
#দাম_১৬০_টকা

The Beginning – Binita B...

Original price was: ₹ 160.00.Current price is: ₹ 136.00.

Out of stock

error: Content is protected !!