No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 190.00 Original price was: ₹ 190.00.₹ 152.00Current price is: ₹ 152.00.
শুকুৰবৰীয়া বজাৰ আৰু অন্যান্য
অজিত ভৰালী
SUKURBARIYA BAZAR ARU ANYANYA : A COLLECTION OF STORIES AND NARRATIVE
WRITTEN BY : AJIT BHARALI
PUBLICATION : PURBAYON
ISBN : 978-93-5860-414-6
পূৰ্বায়ণ সংস্কৰণ : ছেপ্তেম্বৰ, 2023
PAGES : 132
LANGUAGE : ASSAMESE
PRICE : 190
Out of stock
‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’ৰে সন্মানিত ‘শুকুৰবৰীয়া বজাৰ আৰু অন্যান্য’ গদ্য সংকলনটি গ্ৰাম্য জীৱনৰ এলানি নিভাঁজ খণ্ডচিত্ৰৰ অপূৰ্ব সমাহাৰ; য’ত লেখক অজিত ভৰালীয়ে স্মৃতিকাতৰতাৰে উভতি চাইছে এৰি অহা গাঁওখনলৈ, এৰি অহা দিনবোৰলৈ।
পুখুৰী সিঁচাৰ পৰা শিয়াল খেদাৰ আনন্দলৈকে, গৰম বন্ধৰ দিনটোৰ পৰা ব’হাগৰ হুঁচৰি মৰা নিশাবোৰলৈকে; অথবা ভাদমহীয়া গৰখীয়া সবাহৰ ভাওনাখন, গাঁৱৰ শুকুৰবৰীয়া বজাৰখন; অলেখ সোঁৱৰণিৰে জীপাল প্ৰতিখন ৰচনা। নৰা পেঁপা সজা, লেছেৰি বোটলা শৈশৱৰ পৰা লেখকে হৃদয়ত কঢ়িয়াই লৈ ফুৰা বহুতো চিনাকি চৰিত্ৰ আৰু ঘটনাৰ মন পৰশা বৰ্ণনাৰে সজীৱ ‘শুকুৰবৰীয়া বজাৰ আৰু অন্যান্য ৰচনা’।
নিভাঁজ আৰু অকৃত্ৰিম গাঁৱলীয়া জীৱনৰ অভিজ্ঞতা বৰ্ণিত এই মনোৰম ৰচনাকেইখনে এমুঠি সতেজ অনুভৱৰ সোৱাদ দিব। আধুনিকতা তথা আভিজাত্যৰ চৌখিনতা আৰু আত্মকেন্দ্ৰিকাতাৰ বিপৰীতে এখন সৰল আৰু অকৃত্ৰিম পৃথিৱীলৈ লৈ যাব। পঢ়া-শুনা, হোমৱৰ্ক, টিউচনৰ প্ৰকোপত হেৰাই যোৱা শৈশৱৰ প্ৰাণোচ্ছলতাক পুনৰায় জগাই তুলিব।
বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে কৈছে–
“… এই অভিজ্ঞতাসমূহ বৰ্ণাঢ্য, কাৰণ আধুনিক নাগৰিক জীৱনৰ একঘেয়ামি নিৰ্দিষ্টতাৰ বিপৰীতে এজন ব্যক্তিক সংবেদনশীল কৰি ৰাখিবলৈ যি উৎসসূত্ৰৰ প্ৰয়োজন সেই উৎসসমূহ এই ৰচনাকেইখনত অতীত যাত্ৰা হিচাপে নহয়, জীৱনৰ প্ৰতি এক তাড়না হিচাপে সুস্পষ্ট হৈ ৰৈছে।”
লেখকৰ এই স্মৃতি-ৰোমন্থন কেৱল ব্যক্তিগত জীৱন আধাৰিত মুঠেই নহয়; বৰঞ্চ সমাজ, ইতিহাস, অৰ্থনীতি আদি বিভিন্ন দিশো প্ৰাসংগিকভাৱে যথাযথ ৰূপত অৱতাৰণা কৰিছে। প্ৰায়কেইখন ৰচনাতে তেওঁ পৰিৱৰ্তনৰ কথাও দোহাৰিছে —
“এতিয়া গাঁৱত কণাডোম-মালিতা, খদৌ, বোপাই, ভোগেশ্বৰ কাইটিৰ দৰে কোনেও গুৰুত্ব দিবলগীয়া বুলি নভবা মানুহবোৰ নাই, কিন্তু যিবোৰ কিম্ভুত-কিমাকাৰ বিকৃত মানসিকতাৰ মানুহে আমাৰ গাঁও-ভূঁইবিলাকত পিটপিটাই ফুৰিছে তাতকৈ এই মানুহবোৰে সমাজৰ বৰ বেছি ক্ষতি কৰা নাছিল। “(পৃষ্ঠা ২৩)
চুটিগল্পৰ দৰে সুখপাঠ্য, কাব্যিক বৰ্ণনাৰে সমৃদ্ধ ‘শুকুৰবৰীয়া বজাৰ আৰু অন্যান্য’ৰ ৰচনাকেইখনৰ মাজেৰে পাঠকেও নিজৰ অতীতক বিচাৰি পাব; এৰি থৈ অহা সময়ক পুনৰুজ্জীৱিত কৰি তোলাৰ সুযোগ পাব।
Powered by YARPP.
₹ 270.00 Original price was: ₹ 270.00.₹ 216.00Current price is: ₹ 216.00.
₹ 250.00 Original price was: ₹ 250.00.₹ 212.00Current price is: ₹ 212.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.