“শদিয়ালৈ নেযাবা সটফুল নেখাবা
কেঁচাপাতত নেবান্ধিবা লোণ। ”
গীত, সাঁথৰৰ পৰা বিহুনামলৈকে ব্যাপ্ত ‘সটফুল’ৰ নাম অথবা অস্তিত্ব এক বিতৰ্কিত বিষয়। সটফুল নে শতফুল? সটফুল এবিধ কাঠফুলা নে শদিয়াৰ শক্তিপীঠত ব্যৱহৃত টংলতি ফুল? নে এচামে কোৱাৰ দৰে শদিয়াৰ নাৰীজাতিক বুজাবলৈ এই ‘শতফুল’ শব্দটো ব্যৱহাৰ কৰা হৈছিল? হ’ব পাৰে নেকি ‘শতফুল’ মানে পবিত্ৰ এবিধ সাজপানী? নে সটফুল কল্পনাৰ সৃষ্টি?
এনে অলেখ প্ৰশ্ন আৰু সন্দেহৰ আৱৰ্তত ৰৈ যোৱা সটফুল সম্পৰ্কে এক অনুসন্ধানমূলক বিশ্লেষণ ড০ প্ৰবীণ শইকীয়াৰ ‘সটফুলৰ সন্ধানত’।
সটফুলৰ অস্তিত্বৰ সন্ধানত লেখকে অসমৰ বিভিন্ন ঠাইলৈ গৈ লাভ কৰা অভিজ্ঞতা আৰু বিভিন্ন ব্যক্তিৰ সৈতে সাক্ষাতৰ দ্বাৰা প্ৰাপ্ত তথ্যসম্ভাৰেৰে গ্ৰন্থখন পৰিপুষ্ট। পৰিশিষ্টত অন্য লেখকৰ সটফুল সম্পৰ্কীয় আন দুটিমান লেখা আৰু ৰঙীন আলোকচিত্ৰৰ সংযোজনে লেখকৰ মূল বক্তব্যক স্পষ্ট ৰূপত প্ৰতিষ্ঠা কৰিছে।
সটফুলৰ সন্ধানত
ড০ প্ৰবীণ শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
দাম ১৩০ টকা

Satphular Sondhanat by Dr. Pra...

Original price was: ₹ 130.00.Current price is: ₹ 110.00.

Out of stock

error: Content is protected !!