No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 250.00 Original price was: ₹ 250.00.₹ 212.00Current price is: ₹ 212.00.
Sangram -Sangsoyor Dawar Fali by Sumitra Hazarika
সংগ্ৰাম-সংশয়ৰ ডাৱৰ ফালি
সুমিত্ৰা হাজৰিকা (Author)
Purbayon Publication
Hardcover – 30 November 2023
Price Rs. 250
Out of stock
এসময়ত তাঁতৰ শলি-চিৰিৰে জেভেলিন আৰু ইটাৰে ডিচকাচ থ্ৰ’ৰ অনুশীলন কৰি পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, মালয়েছিয়া আদি দেশে-বিদেশে পুৰস্কৃত আৰু সন্মানিত হোৱা এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ জীৱনৰ বিচিত্ৰ-বৰ্ণাঢ্য আত্মকথা ‘সংগ্ৰাম-সংশয়ৰ ডাৱৰ ফালি’। সৰুতে নিজৰ গাঁৱত ঘিলা খেলা দিনৰে পৰা ডাৰবানত অনুষ্ঠিত ৱৰ্ল্ড মাষ্টাৰ্ছ গেইমৰ ভাৰতীয় দলৰ পৰ্যবেক্ষক হোৱালৈকে জীৱনৰ সুদীৰ্ঘ এক পৰিক্ৰমাৰ মনোৰম আৰু অনুপ্ৰেৰণামূলক কাহিনী সুমিত্ৰা হাজৰিকাৰ এই আত্মজীৱনী।
গ্ৰন্থখন কেৱল এগৰাকী ক্ৰীড়াবিদৰ জীৱনৰ কাহিনী নহয়; বৰঞ্চ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু নক্সাল আদৰ্শৰ অনুগামী সক্ৰিয় গণ আন্দোলনকাৰী হিচাপে জীৱনত লাভ কৰা বৰ্ণময় অভিজ্ঞতাৰ মন পৰশা উপস্থাপন। গ্ৰন্থখনত লেখকে ব্যক্তিগত জীৱনৰ সমান্তৰালভাৱে সমাজ আৰু বিশ্বকো আকৰ্ষণীয় ৰূপত কথা-প্ৰসংগত সামৰি লৈছে; নিজৰ গাঁও অথবা চহৰখনৰ বিষয়ে ক’বলৈ যাওঁতে আমেৰিকা, নিউয়ৰ্ক, শ্ৰীলংকাৰ সমাজ, প্ৰাকৃতিক শোভা, ভ্ৰমণৰ সুমধুৰ স্মৃতিও তেওঁ সুঁৱৰিছে।
এইধৰণৰ বিশেষত্বৰ বাবেই গ্ৰন্থখন কেৱল সুমিত্ৰা হাজৰিকাৰ ব্যক্তিগত জীৱনৰ সংগ্ৰাম, প্ৰত্যাহ্বানৰ কাহিনী বৰ্ণিত গতানুগতিক আত্মজীৱনী হৈ থকা নাই; পৰিৱৰ্তে ই হৈ উঠিছে বৈচিত্ৰ্যময় অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী ক্ৰীড়াবিদ আৰু সমাজকৰ্মীৰ দৃষ্টিৰে জীৱন আৰু জগতৰ কিছুমান খণ্ডচিত্ৰৰ অপূৰ্ব সমাহাৰ।
শৈশৱৰ অমলীন অনুভৱৰ পৰা শাৰীৰিক অসুস্থতাৰে জৰ্জৰ কৈশোৰ আৰু যৌৱনৰ ৰোমাঞ্চকৰ কাহিনী লেখকে সাৱলীলভাৱে কৈ গৈছে। প্ৰেম আৰু বিপ্লৱক একীভূত কৰি তেওঁ এঠাইত কৈছে–
“মই নক্সাল পাৰ্টী কৰি থাকোঁতেই বিপ্লৱী সতীৰ্থ বা কোনো কমৰেডৰ সৈতে প্ৰেম হৈছিল। পণ লৈছিলোঁ যুঁজিম, মৰিম বা শ্বহীদ হ’ম। নিজেই জড়িত নহ’লে অনুভৱ কৰিব নোৱাৰি বিপ্লৱ যে কেতিয়াবা ৰোমাঞ্চ হ’ব পাৰে…।”
ঘটনা-পৰিঘটনাৰ প্ৰাসংগিকভাৱে ব্যক্ত কৰা এনেবোৰ অনুভৱ-উপলব্ধিৰ মাজেৰে লেখকৰ আদৰ্শ, জীৱনবোধ, প্ৰগতিশীল মানসিকতা, সমাজ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতাও পৰিষ্ফুট হৈ উঠিছে; যিয়ে পাঠকক সংঘৰ্ষময় জীৱনত মুখামুখি হোৱা প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰিব।
সংগ্ৰাম‐সংশয়ৰ ডাৱৰ ফালি
সুমিত্ৰা হাজৰিকা
পূৰ্বায়ণ প্ৰকাশন
দাম ২৫০ টকা
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.