No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 160.00 Original price was: ₹ 160.00.₹ 104.00Current price is: ₹ 104.00.
পুৰি নিয়া তাপে ক’ব বেলি কিমান গ’ল
সংগীতা মেধি
PURI NIYA TAPE KOBO BELI KIMAN GOL : A COLLECTION OF ASSAMESE POEMS BY SANGEETA MEDHI
PUBLICATION : PURBAYON
ISBN : 978-93-92699-57-3
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2021
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 98
LANGUAGE : ASSAMESE
In stock
“যিবোৰ কথা নকয় তেওঁ
মই তাতে মগ্ন হওঁ
কোৱাবোৰ তেনেই সামান্য
নোকোৱাবোৰ ঐশ্বৰ্য”
“পুৰি নিয়া তাপে ক’ব বেলি কিমান গ’ল”—পুথিখনৰ নামটোৰ মাজতেই নিহিত হৈ আছে কবিতাবোৰৰ তাৎপৰ্য। সংহত শব্দ বিন্যাসেৰে ভাবনাৰ যিখন জগতত কবিয়ে বিচৰণ কৰিছে সেয়া মানুহৰেই অন্তৰংগ ক্ষেত্ৰ, য’ত সময় আছে চিহ্নিত হৈ।… সুচিন্তিত মননৰ দ্বাৰা নিৰ্মিত তেওঁৰ কবিতাৰ স্বৰ আৰু ব্যঞ্জনাৰ যি বৈচিত্ৰ্য আৰু বিস্তৃতি দেখিবলৈ পাওঁ, সিয়ে প্ৰতিয় জন্মায় যে তেওঁৰ কাব্য যাত্ৰাই এক বলিষ্ঠ ভূমিকাৰ পথ ৰচনা কৰিছে ”
—-নীলিম কুমাৰ
সংকলনটিত সন্নিৱিষ্ট এটি কবিতা ‘পাহাৰৰ কথকতা’ৰ এটি স্তৱক—
“পাহাৰ স্থিতধী সাক্ষী সেই সকলো স্মৃতিপুঞ্জৰ
যাৰ অবিহনে
নদী কিয়—পথাৰ, বিহংগ, পতংগ, বিৰিখ, মানুহ
কোনেও নিজক পূৰ্ণ কৰিব নোৱাৰে। ”
বিশিষ্ট সাহিত্যিক-সমালোচক হৰেকৃষ্ণ ডেকাই এই কবিতাটো সম্পৰ্কে কিছু কথা কৈছে এনেদৰে—” ‘পাহাৰৰ কথকতা’ কবিতাটোত দুটা প্ৰতীকৰ মাজত তুলনা পাইছোঁ। এটা প্ৰতীক ‘পাহাৰ’, আনটো প্ৰতীক ‘নদী’। নদী প্ৰৱহমান–এটা Flux. নদীয়ে স্মৃতিক ধাৰণ কৰি নাথাকে।… কিন্তু পাহাৰে বয়সক অতিক্ৰম কৰি ৰৈ থাকে আৰু পাহাৰে তাৰ পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তনৰ স্মৃতিক ধাৰণ কৰি ৰাখে। সংগীতাৰ সজীৱ মনে এনেদৰে অনুষংগ ব্যৱহাৰত নতুনত্ব দেখুৱাইছে। ”
“এনেকৈ প্ৰাচীন চহৰখনে
স্মৃতি জোকাৰি
পৃথিৱী কঁপালে
আৰু মই চুটি চাৰপাইখনৰ পৰা সৰি পৰিলোঁ
তেতিয়াৰে পৰাই চৌদিশে ভূঁইকঁপ। ”
সংগীতা মেধিৰ কবিতা সম্পৰ্কে অন্য এগৰাকী সমালোচক অৰিন্দম বৰকটকীয়ে কৈছে—
“… সৰল কথনভংগী, প্ৰশ্নবোধক চাৱনিৰে তেওঁ কবিতাত কেতবোৰ জটিল প্ৰশ্ন উত্থাপন কৰাৰ চেষ্টা কৰে। সেয়েহে দেখাত আৱেগিক যেন লগা কথাবোৰতো জীৱনৰ সত্য বিষয়ক সন্দেহ সংশয় আৰু সমালোচনা তেওঁৰ কবিতাত থাকে। ”
পুৰি নিয়া তাপে ক’ব বেলি কিমান গ’ল
সংগীতা মেধি
পূৰ্বায়ণ প্ৰকাশন
পুৰি নিয়া তাপে ক’ব বেলি কিমান গ’ল
সংগীতা মেধি
PURI NIYA TAPE KOBO BELI KIMAN GOL : A COLLECTION OF ASSAMESE POEMS BY SANGEETA MEDHI
PUBLICATION : PURBAYON
ISBN : 978-93-92699-57-3
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2021
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 98
LANGUAGE : ASSAMESE
Powered by YARPP.
₹ 150.00 Original price was: ₹ 150.00.₹ 98.00Current price is: ₹ 98.00.
₹ 280.00 Original price was: ₹ 280.00.₹ 196.00Current price is: ₹ 196.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.