No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 260.00 Original price was: ₹ 260.00.₹ 221.00Current price is: ₹ 221.00.
Post-Mortem
Dr. Pradyumna Goswami
প’ষ্ট-মৰ্টেম্
ড° প্ৰদ্যুম্ন গোস্বামী
Purbayon Publication
Price Rs. 260
Out of stock
অসম আৰু অসমীয়াৰ জাতীয় সমস্যাৰ লগতে কেইবাটিও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয়ৰ তথ্যনিষ্ঠ আৰু আৱেগবিবৰ্জিত বিশ্লেষণেৰে এখনি মৌলিক চিন্তাসমৃদ্ধ গ্ৰন্থ ড০ প্ৰদ্যুম্ন গোস্বামীৰ — ‘প’ষ্ট্ -মৰ্টেম্’; য’ত কেৱল সমস্যাৰ আতি-গুৰি বিচাৰেই নহয়; সমান্তৰালভাৱে দেখুওৱা হৈছে সমাধানৰো বাস্তৱ তথা বিজ্ঞানসন্মত বিভিন্ন পথ।
খিলঞ্জীয়া অসমীয়াৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ, নাগৰিকত্ব সংশোধনী প্ৰক্ৰিয়া, নগা-অসমীয়াৰ সীমা বিবাদ আদি বহুতো সমাধানহীন আৰু প্ৰত্যাহ্বানমূলক সমস্যাৰ উপৰি জাতীয় সম্পদৰ সৈতে জড়িত আৱেগ, জাতীয় সমস্যাৰ ৰাষ্ট্ৰীয়কৰণ, জনতাৰ বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় গ্ৰন্থখনত তথ্য আৰু যুক্তি সহকাৰে ব্যাখ্যা কৰা হৈছে।
সমস্যাৰ ৰাজনীতিকৰণ, হালধীয়া সাংবাদিকতা, চৰকাৰৰ দুৰ্নীতি আৰু কেলেংকাৰী বিষয়ক বিস্তাৰিত আলোচনাৰ উপৰি ৰাজ্যৰ ঘূণে ধৰা শিক্ষা-ব্যৱস্থা, ৰাইজৰ আৱেগে সৃষ্টি কৰা উন্নয়নৰ প্ৰতিবন্ধকতা আদি আনুষংগিক দিশসমূহো গ্ৰন্থখনত খুটিনাটি মাৰি জুকিয়াই চোৱা হৈছে। সন্নিৱিষ্ট কৰা হৈছে মাজুলীৰ বিষাদ, কাজিৰঙাৰ গঁড়, গুৱাহাটীৰ উচ্ছেদ আৰু ভৱিষ্যতৰ কথা। উল্লেখ্য যে, কাৰ্বন ডাই অক্সাইডৰ ক্ৰমবৰ্ধিত নিৰ্গমন অথবা ফৰ্মেলিন আৰু ইউৰিয়াৰ ভয়ংকৰ গ্ৰাসৰ দৰে পৰিৱেশ আৰু স্বাস্থ্য সম্পৰ্কীয় অন্য কেতবোৰ প্ৰসংগও গ্ৰন্থখনে সামৰি লৈছে।
সমাজ, শিক্ষা, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, পৰিৱেশ, প্ৰকৃতি আদিৰে জড়িত আলোচ্য এই বিষয়বোৰ লেখকে কেইবাখনো গৱেষণা-পত্ৰ আৰু প্ৰসিদ্ধ ইতিহাসবিদৰ গ্ৰন্থত উপলব্ধ তথ্যৰ আধাৰত নিজস্ব দৃষ্টিকোণেৰে তুলি ধৰিছে। তেওঁৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাকো মনোৰমভাৱে সাঙুৰি লোৱা বাবে প্ৰতিটো বিষয় অথবা প্ৰসংগৰ উপস্থাপনো হৈ উঠিছে আকৰ্ষণীয়।
নিঃসন্দেহে, লেখকৰ প্ৰগতিশীল চিন্তা আৰু নিৰ্মোহ-নিৰপেক্ষ বিশ্লেষণেই হৈছে গ্ৰন্থখনৰ মূল বিশেষত্ব তথা চালিকাশক্তি। সংগঠন, সংগঠনৰ নেতা, চৰকাৰ, জনসাধাৰণ সকলোকে আঙুলি টোঁৱাই লেখকে কৈছে–
“আন্দোলন বহুত কৰিলোঁ। বিদেশী খেদাৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কলৈকে। ইয়াৰে বেছি সংখ্যক আন্দোলনৰে প্ৰয়োজনীয়তাক নস্যাৎ কৰিব নোৱাৰি। কিন্তু কোনোদিনে হ’লে এক কৰ্ম আন্দোলন গঢ়ি তুলিব নোৱাৰিলোঁ। উদীয়মান অসমীয়া ডেকাক ৰাজপথলৈ অনাৰ সলনি কৰ্মস্থানলৈ নিব নোৱাৰিলোঁ। কৃষকক দিছপুৰলৈ অনাৰ পৰিৱৰ্তে পথাৰলৈ নিব নোৱাৰিলোঁ। লগতে বিগত দুটা দশকত হিতাধিকাৰীৰ আঁচনি খুলি পথাৰ তৰাং কৰি পেলালোঁ। ”
চিন্তা উদ্ৰেককাৰী এই গ্ৰন্থখনে নিশ্চিতভাৱে সমাজ আৰু জাতীয় জীৱনৰ সৈতে সংলগ্ন কথাবোৰ নতুন ধৰণে ভাবিবলৈ অৱকাশ দিব।
প’ষ্ট্-মৰ্টেম
ড০ প্ৰদ্যুম্ন গোস্বামী
পূৰ্বায়ণ প্ৰকাশন
Powered by YARPP.
₹ 300.00 Original price was: ₹ 300.00.₹ 225.00Current price is: ₹ 225.00.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.