‘নিৰিবিলি’ লিখাৰ পাছতেই বাটে ঘাটে বা মেছেজত বহুতে সোধে, ‘সন্ধ্যা অনুৰণহঁতৰ কি খবৰ?’ মই হাঁহি মাৰি থওঁ৷ আচৰিত হওঁ, কাল্পনিক চৰিত্ৰকো ইমান আপোন কৰিব পাৰেনে মানুহে? সেই ‘নিৰিবিলি’ৰ প্রেমিক-প্রেমিকাসকলৰ বাবে ‘সৰাফুল’ত লৈ আনিছোঁ কিছু কাঞ্চনৰ সুবাস। সন্ধ্যা অনুৰণৰনো কি হ’ল, ময়ূৰৰ ৰাধা আহিবনে নাহে সকলো উত্তৰ আনিছোঁ ইয়াতে। তাৰ আগতে কিছু অনুভৱ। আপুনি বা মই যিবোৰ অনুভৱ উজাগৰী নিশা গাৰুটোক শুনাও, যিবোৰ অনুভৱে বুকুত শিল এটা হৈ বহি থাকে। বাস্তৱৰ কঠোৰ আঘাতত যিবোৰ সৰাফুল হৈ সৰে। যিবোৰ একান্ত নিজৰ। এই অনুভৱ মোৰ নহয়, এয়া আপোনাৰ। সময়ৰ সতে যুঁজি যুঁজি কোনোবা আজৰিৰ আবেলি চাহ কাপৰ সৈতে আপুনি ভগাই লোৱা আপোনাৰ আপোন বুকুৰ অনুভৱ, ‘সৰাফুল’।
কৌশিক নন্দন বৰুৱাৰ এখন বিশেষ কিতাপ। অতি সোনকালে আপোনাৰ হাতত।

NIRIBILI – SILENCE BY KA...
error: Content is protected !!