No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 190.00 Original price was: ₹ 190.00.₹ 161.00Current price is: ₹ 161.00.
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিচাৰ-বিশ্লেষণ
ড০ ভনিতা নাথ
Mamoni Raisom Goswamir Upanyash : Bichar-Bisleshan
Dr. Bhanita Nath
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
Price Rs. 190
Out of stock
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ গৱেষণামূলক পৰ্যালোচনাৰে এটি মনোৰম প্ৰবন্ধ সংকলন –#মামণি_ৰয়ছম_গোস্বামীৰ_উপন্যাস_বিচাৰ_বিশ্লেষণ”। #পূৰ্বায়ণ_প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ড০ ভনিতা নাথৰ এই সংকলনটিত বহুমাত্ৰিক দৃষ্টিকোণেৰে উপন্যাসসমূহ বিশ্লেষণ কৰা হৈছে।
গ্ৰন্থখনত অন্তৰ্ভুক্ত প্ৰবন্ধসমূহত উপন্যাসৰ নামকৰণৰ পৰা আৰম্ভ কৰি চৰিত্ৰ চিত্ৰণ তথা কাহিনী আৰু পটভূমিৰ সামাজিক, ঐতিহাসিক, ৰাজনৈতিক আদি সকলো দিশ তন্নতন্নকৈ আলোচনাৰ আওতালৈ অনা হৈছে। বিশেষকৈ তুলনাত্মক দৃষ্টিকোণেৰে আগবঢ়়োৱা কেইখনমান উপন্যাসৰ আলোচনাই সংকলনটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। বিখ্যাত বাংলা ঔপন্যাসিক মহাশ্বেতা দেবী আৰু নৱনীতা দেবসেনৰ সৈতে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ তুলনা প্ৰবন্ধ সংকলনটিৰ লেখত ল’বলগীয়া দিশ।
নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দাশৰথিৰ খোজ, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, চেনাবৰ সোঁত, থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল আদি মামণি ৰয়ছম গোস্বামীৰ প্ৰায় আটাইকেইখন উপন্যাসৰে আলোচনা সংকলনটিত সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি কেইটিমান প্ৰবন্ধত কেউখন উপন্যাসকে সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰা হৈছে। লগতে অতিৰিক্ত সংযোজন হিচাপে সংকলনটিৰ শেষত সংযোগ কৰা হৈছে মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু সাহিত্য বিষয়ক আন তিনিটি প্ৰবন্ধ।
প্ৰাঞ্জল ভাষাৰে আলোচ্য বিষয়সমূহৰ সৰল ব্যাখ্যাই তথ্যসমৃদ্ধ আৰু বিশ্লেষণাত্মক প্ৰবন্ধসমূহ আকৰ্ষণীয় কৰি তুলিছে। তদুপৰি প্ৰতিটো প্ৰসংগৰ শৃংখলাবদ্ধ আলোচনাই বিষয়বস্তুক স্পষ্টতা দান কৰাৰ লগতে প্ৰবন্ধসমূহকো সৰ্বতোদিশৰ পৰা পৰিপুষ্ট কৰি তুলিছে।
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিষয়ক আলোচনাৰ এই প্ৰবন্ধ সংকলনটি সন্দৰ্ভত বিশিষ্ট সাহিত্যিক-সমালোচক ড০ আনন্দ বৰমুদৈৰ মন্তব্য এনেধৰণৰ —
“এই গ্ৰন্থখনত ৰয়ছম গোস্বামীৰ উপন্যাসসমূহৰ প্ৰায় সকলো দিশ সামৰি আলোচনা কৰা হৈছে। বিষয়বস্তু, সিবিলাকৰ পৃষ্ঠভূমি, ঔপন্যাসিকগৰাকীৰ কথনৰীতি, ভাষা আদি দিশবোৰত আলোকপাত কৰা হৈছে।… ঔপন্যাসিকগৰাকীৰ বিষয়ে কৰা অধ্যয়নক এই গ্ৰন্থখনে সহায় কৰিব। ”
#মামণি_ৰয়ছম_গোস্বামীৰ_উপন্যাস_বিচাৰ_বিশ্লেষণ
#ড০_ভনিতা_নাথ
#পূৰ্বায়ণ_প্ৰকাশন
Powered by YARPP.
₹ 349.00 Original price was: ₹ 349.00.₹ 244.00Current price is: ₹ 244.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.