No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 270.00 Original price was: ₹ 270.00.₹ 229.00Current price is: ₹ 229.00.
মহাভাৰত মহাকাব্য আৰু ৰাষ্ট্ৰ
মূল : গণেশ নাৰায়ণ ডেভী
অনুবাদ : ড°ধূৰ্জ্জটি শৰ্মা
MAHABHARAT MAHAKABYA ARU RASTRA : AN ASSAMESE TRANSLATION : AN ASSAMESE TRANSLATION OF PROF.GN. DEVY’S MSHABHARATA : THE EPIC AND THE NATION
PUBLICATION : PURBAYON (WRITER’S STORE)
ISBN : 978-81-19001-98-9
প্ৰথম প্ৰকাশ : জুলাই, 2023
PAGES : 135
LANGUAGE : ASSAMESE
PRICE : 270
Out of stock
বিশাল ভাৰতীয় সভ্যতা-সংস্কৃতি তথা ভাৰতীয় জন-মানসক সৰ্বতোদিশেৰে প্ৰভাৱান্বিত কৰি ৰখা মহাকাব্য ‘মহাভাৰত’ সম্পৰ্কে এক পাণ্ডিত্যপূৰ্ণ বিশ্লেষণ — গণেশ নাৰায়ণ ডেভীৰ Mahabharata: The epic and The Nation. পদ্মশ্ৰী বঁটা প্ৰাপক মাৰাঠী, গুজৰাটী আৰু ইংৰাজী ভাষাৰ প্ৰসিদ্ধ লেখকগৰাকীৰ এই গ্ৰন্থখনৰ অসমীয়া ৰূপান্তৰ ধূৰ্জ্জটি শৰ্মাৰ ‘মহাভাৰত : মহাকাব্য আৰু ৰাষ্ট্ৰ’।
মূলতঃ মহাভাৰত সম্পৰ্কীয় এইখন সমীক্ষাত্মক গ্ৰন্থ। মহাভাৰত মহাকাব্য নে ইতিহাস– মহাকাব্যখনৰ সৈতে সম্পৃক্ত হৈ থকা এই ধৰণৰ জটিল তথা বিতৰ্কিত দিশ কিছুমান গ্ৰন্থখনত যুক্তিসংগতভাৱে বিচাৰ কৰি চোৱা হৈছে। তদুপৰি, মহাভাৰতৰ সাংস্কৃতিক গতি-প্ৰকৃতি, ধৰ্মীয় তত্ত্ব, দৰ্শন, সাহিত্যিক মূল্য তথা বিশ্বৰ অন্যান্য মহাকাব্যৰ সৈতে মহাভাৰতৰ তুলনাত্মক আলোচনাৰ দৰে অন্য কেতবোৰ গুৰুত্বপূৰ্ণ দিশ গ্ৰন্থখনে সাঙুৰি লৈছে।
‘মহাকাব্যিক অন্বেষণ’ আৰু ‘চক্ৰ’ — দুটা ভাগত বিভক্ত গ্ৰন্থখনৰ প্ৰথম অংশত মহাভাৰতৰ সাহিত্যিক দিশসমূহ বিভিন্ন দৃষ্টিকোণেৰে আলোচনা কৰা হৈছে। অন্যহাতে, দ্বিতীয় অংশৰ আলোচনাই সামৰি লৈছে মহাভাৰতৰ সৈতে জড়িত হৈ থকা ধৰ্ম, সমাজ, সংস্কৃতি, পুৰাকথা আদি অন্যান্য আনুষংগিক দিশসমূহ।
“একে আষাৰতে ক’বলৈ গ’লে, মহাভাৰতে ভাৰতীয় ধাৰণা আৰু অৱধাৰণাক কেনেধৰণে ৰূপায়িত কৰিছে- তাৰ এক মননধৰ্মী তাত্ত্বিক বিশ্লেষণ আৰু সেই ধৰণে চৰিত্ৰসমূহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ব্যাখ্যা বা পৰ্যবেক্ষণ এই গ্ৰন্থখনত আমি দেখা পাওঁ। ” (কনক চন্দ্ৰ শৰ্মা)
ইতিপূৰ্বে মাৰাঠী, কানাড়ী, তামিল, মালায়ালাম আৰু বাংলা ভাষালৈ অনূদিত গ্ৰন্থখনৰ সাৱলীল অসমীয়া অনুবাদটি নিসঃন্দেহে অসমীয়া সাহিত্যলৈ গুৰুত্বপূৰ্ণ সংযোজন।
মহাভাৰত : মহাকাব্য আৰু ৰাষ্ট্ৰ
ড০ ধূৰ্জ্জটি শৰ্মা (অনুবাদক)
পূৰ্বায়ণ প্ৰকাশন
দাম ২৭০ টকা
Powered by YARPP.
₹ 170.00 Original price was: ₹ 170.00.₹ 136.00Current price is: ₹ 136.00.
₹ 180.00 Original price was: ₹ 180.00.₹ 144.00Current price is: ₹ 144.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.