“কবিতাৰ বুকুতে আছিল বিশুদ্ধ বতাহ
জ্বলন্ত জুই মেঘৰ ঢ়াকনি ডাৱৰৰ চোলা
পানীৰ ধুমুহা ৰাতিৰ চৰাই বিষণ্ণতাৰ বৰষুণ
একো অসুবিধা হোৱা নাছিল
কবিতাৰ বুকুত মই মোক দি দিবলৈ। ”
‘অথন্তৰ ঘটিছে’, ‘সেউজীয়া পাত এটা বিচাৰিছে সৰাপাতবোৰে’, ‘হে বিৰকমাই বুকু ফালি চোৱাহি মোৰ’, ‘উৰণীয়া বাগিছাত তৰাৰ চৰাই’ আৰু ‘অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল’— এই পাঁচটি কবিতা সংকলনৰ কবিতাসমূহ সামৰি দিগন্ত শইকীয়াই সম্পাদনা কৰি উলিয়াইছে “লুটফা হানুম ছেলিমা বেগমৰ কবিতা সমগ্ৰ’।
পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই কবিতা সমগ্ৰত কবিৰ ২০১১ চনৰ পূৰ্বৰ কবিতাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰন্থখনৰ আৰম্ভণিৰ দুআষাৰত ড০ হীৰেন গোহাঁয়ে কৈছে—
“মিতভাষিতা আৰু সযত্ন পৰিমাৰ্জন লুটফাৰ কবিতাৰ চকুত পৰা বৈশিষ্ট্য। বেছি শব্দ খৰচ নকৰাকৈ ইংগিতময় চিত্ৰকল্প আৰু প্ৰতীকধৰ্মী শব্দৰে তেওঁ কবিতাৰ প্ৰচ্ছন্ন অভিপ্ৰায় ব্যক্ত কৰে। পাঠকে আলফুলকৈ তাৰ স্পন্দন অনুভৱ কৰিব পাৰে, আৰু সেই অনুভূতিত মগ্ন হ’ব পাৰে। তেওঁ যেন জীৱনৰ সকলোখিনি বক্তব্য, সকলো অনুভূতি, আৱেগিক অভিজ্ঞতা, উপলব্ধি পৰিশ্ৰুত কৰি বাকি দিছে কবিতাত। ”
“যি কথা কোনেও ক’ব নোৱাৰে
কাকো
কাঁইটে ক’ব নোৱাৰে ফুলক
ঘাঁহে ক’ব নোৱাৰে নিয়ৰক
শিপাই ক’ব নোৱাৰে মাটিক
জুইয়ে ক’ব নোৱাৰে ছাঁইক
মন্দিৰতো যি কথা ক’ব নোৱাৰি ঈশ্বৰক
সেই কথা মই ক’ম”
আগকথাত সম্পাদকে লিখিছে–
“অতি সংবেদনশীল কবিগৰাকীৰ কাব্যকৃতিত এখন শীতল নদীৰ দৰে প্ৰবহমান জীৱনৰ ব্যঞ্জনা, কাৰুণ্য, নিঃসংগতা আৰু তাৰ লগে লগে কবিতাবোৰত গভীৰভাৱে জীৱনক আঁকোৱালি লোৱাৰ আকুলতাও পৰিব্যাপ্ত। কবিৰ বাগাড়ম্বৰহীন ভাষাই অনেক সময়ত কাব্যৰসিকক দোলায়িত কৰি ৰাখে। ”
“কাৰ প্ৰাণত
মেলা বহিছে আজি
দুখবোৰচোন মোৰ
ওলাই আহিছে বাটলৈ
সাজি-কাচি। ”
গ্ৰন্থখনিত সন্নিৱিষ্ট কবিতাসমূহে পাঠকক নিশ্চিতভাৱে আহ্লাদিত কৰিব। লগতে শেষত সংযোজন কৰা “লুটফা হানুম ছেলিমা বেগমৰ কবিতা” শীৰ্ষক হৰেকৃষ্ণ ডেকাৰ এটি সমালোচনামূলক প্ৰবন্ধটিয়ে কবিগৰাকীৰ কবিতা সম্পৰ্কে সুগভীৰভাৱে অনুধাৱন কৰাতো পঢ়়ুৱৈসকলক সহায় কৰিব ।
লুটফা হানুম ছেলিমা বেগমৰ কবিতা সমগ্ৰ
দিগন্ত শইকীয়া (সম্পাদক)
পূৰ্বায়ণ প্ৰকাশন

LUTFA HANUM SALIMA BEGUMAR KAB...
or
error: Content is protected !!