কবিয়ে কৈছে, “এই সময় যদি কবিতাৰ নহয়, কাৰোৱেই নহয়”। কবিয়ে আশা অথবা বিশ্বাসো ৰাখিছে যে, এই “কবিতাই আমাক আমাৰ আৰু পৃথিৱীৰ কথা ক’ব”।
কবিতাৰেই সেয়েহে তেওঁ নীৰৱতাকো কথা ক’বলৈ কৈছে। যুদ্ধৰ হাহাকাৰে বুকু ভঙাৰ আগতে, জিঘাংসাৰ বনৰীয়া সোৱাদেৰে উন্নাসিক হৈ আমাৰ মাজৰে কোনোৱে অমানৱতাৰ সমদলত যোগ দিয়াৰ আগতে, অভাৱ আৰু দৰিদ্ৰতাই দেশৰ মানুহক মূক কৰি তোলাৰ আগতে তেওঁ নীৰৱতাৰ সৈতে কথা পাতিব বিচাৰিছে; হ’ব বিচাৰিছে নীৰৱতাৰ সুহৃদ শ্ৰোতা।
নীৰৱতাক সবাক কৰি তুলিব পৰাকে কমল বৰুৱাৰ এমুঠি বাংময় কবিতা —“কথা কোৱা হে নীৰৱতা”। নীলিম কুমাৰৰ ভাষাত “এই শীৰ্ষকটোৰ মাজতেই নিহিত হৈ আছে পুথিখনৰ মৰ্ম। পুথিখনত যিবোৰ কবিতা সন্নিৱিষ্ট হৈ আছে, সেই কবিতাবোৰৰ মাৰ্মিক উপলব্ধিত উপস্থিত হ’বলৈও তেওঁৰ সেই ভাষাক আত্মস্থ কৰিব লাগিব; যি ভাষা নীৰৱতাৰ মাজত গৰ্জি উঠে।”
অৱশ্যে কবিতাবোৰ কেৱল নীৰৱতাৰ নিৰ্বাক গৰ্জন নহয়; বিপৰীতে কবিতাবোৰ যেন চিঞৰৰ মাজত লুকাই থকা নীৰৱ বেথা আৰু বহু কথা–
“চিঞৰিব নোৱৰাটো কিমান যন্ত্ৰণাৰ কথা
চিঞৰিব নোৱৰাসকলৰ বাবে সেয়া কিমান দুঃখৰ কথা
এই কথাই মোৰ মনতো উজাই আনে
আন এক অস্ফুট চিঞৰৰ নীৰৱ বেথা!” (চিঞৰ)
বহুকেইটা কবিতাত প্ৰকাশ পাইছে জীৱনৰ অনিশ্চয়তা, অস্থিৰতা, বিষাদ-বেদনা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ আত্মোপলব্ধিৰ চেতনা। কবিয়ে কৈছে, এন্ধাৰতো গছবোৰ, ফুলবোৰ ফুলি উঠিছে; জড় ফেনখনো ব’হাগৰ নাচনীৰ দৰে টাকুৰি ঘূৰা দি ঘূৰিছে; অথচ মানুহবোৰ কেৱল যান্ত্ৰিকভাৱে দৌৰিছে–
“ঘোঁৰাৰ দৰে দৌৰা এজাক মানুহে নাজানে
ক’লৈ গৈছে তেওঁলোক, অভীপ্সাত নাজানে আছে কি তেওঁলোকৰ… ” (আত্মা-ৰাগ)
প্ৰেম, ভালপোৱা, স্মৃতিকাতৰতাৰে সিক্ত কবিৰ উপলব্ধিৰ জগতখন স্বাভাৱিকতেই কেৱল নিজতেই আবদ্ধ নহয়: কবিতাৰেই পৃথিৱীৰ কথা ক’ব খোজা কবিয়ে একাধিক কবিতাত যুদ্ধৰ কথা কৈছে, ঈশ্বৰহীন নৰকৰ অগণিত অত্যাচাৰৰ কথা কৈছে; এখন যুদ্ধৱৎ পৃথিৱীৰ যুদ্ধভূমিত ৰৈ প্ৰশ্ন কৰিছে–
“কাইলৈ কোন আগে উঠিব
সূৰ্য নে যুদ্ধ
নে সাৰ পাব মৌন বুদ্ধ! (যুদ্ধৱৎ পৃথিৱী)
কথা কোৱা হে নীৰৱতা
কমল বৰুৱা
পূৰ্বায়ণ প্ৰকাশন

Kotha Kowa He Nirobota by Kama...

Original price was: ₹ 180.00.Current price is: ₹ 153.00.

Out of stock

error: Content is protected !!