No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 390.00 Original price was: ₹ 390.00.₹ 331.00Current price is: ₹ 331.00.
Kocharethi : Araya Nari
কচাৰেথি: আৰায়া নাৰী
Purbayon Publication পূর্বায়ণ প্ৰকাশন
Hardcover – 30 November 2023
Assamese Edition by Writer: Narayan (লেথক : নাৰায়ণ) (Author),
Translator : Dr. Juri Dutta (অনুবাদক : ড° জুৰি দত্ত) (Author)
Price Rs. 390
Out of stock
ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত মালয়াৰায়াৰ জনগোষ্ঠীৰ সমাজ-জীৱন আধাৰিত এখনি মৰ্মস্পৰ্শী উপন্যাস নাৰায়ণৰ ‘কচাৰেথি : আৰায়া নাৰী’। দেশী-বিদেশী বহুকেইটা ভাষালৈ অনূদিত এই মালায়ালাম উপন্যাসখনৰ অসমীয়া অনুবাদৰ বাবে ২০২২ বৰ্ষত জুৰি দত্তই লাভ কৰে ‘সাহিত্য অকাডেমি অনুবাদ বঁটা’।
কেৰেলাৰ প্ৰথমজন জনজাতীয় লেখক নাৰায়ণৰ এই উপন্যাসখনৰ পটভূমিকাল কুৰি শতিকাৰ প্ৰথম তিনিটা দশক। তামিলনাডু আৰু সীমামূৰীয়া জিলাকেইখনৰ পশ্চিমঘাট পাৰ্বত্য অঞ্চলত বসবাস কৰা মালায়াৰায়াৰসকলৰ জীৱনচৰ্যা, ৰীতি-নীতি, বিশ্বাস, পৰম্পৰা আদিৰ সজীৱ চিত্ৰণ ‘কচাৰেথি: আৰায়া নাৰী’।
উপন্যাসখন যুগ যুগ ধৰি এই আদিবাসী জনজাতীয় লোকসকলে সহ্য কৰি অহা শোষণ, দমন, নিষ্পেষণ, নিৰ্যাতন আৰু বঞ্চনাৰ বিপৰীতে এক শক্তিশালী প্ৰতিবাদৰ ভাষাস্বৰূপ। বিশেষকৈ ‘আৰায়া’ বুলি পৰিচিত নাৰীসকলৰ জীৱন-সংগ্ৰাম তথা দ্বন্দ্ব আৰু সংঘাতৰ বিভিন্ন দিশ বাস্তৱধৰ্মী ৰূপত তুলি ধৰা হৈছে।
সকলো দিশৰে পৰা অনগ্ৰসৰ এই মালায়াৰায়াৰসকলৰ মাজতো ক্ৰমে শিক্ষাৰ বিস্তাৰ হ’বলৈ আৰম্ভ কৰে, নতুন চাম নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হৈ পৰে। তেওঁলোকৰ চেতনা আৰু মানসিকতাৰ পৰিৱৰ্তনে নতুন সম্ভাৱনা কঢ়িয়াই আনে; যিয়ে কাৰুণ্যৰ মাজতো আশাবাদ জগাই তোলে।
এনে এখন গুৰুত্বপূৰ্ণ তথা পঠনীয় উপন্যাসৰ সাৱলীল আৰু মসৃণ অনুবাদ জুৰি দত্ত অনূদিত ‘কচাৰেথি: আৰায়া নাৰী’; য’ত অসমীয়া পঢ়ুৱৈৰ সুবিধা হোৱাকৈ কিতাপখনৰ প্ৰতিটো অধ্যায়ৰ শেষত একোটাকৈ ‘টোকা’ দি অচিনাকি শব্দবোৰৰ অৰ্থ ব্যাখ্যা কৰা হৈছে। অসমীয়া সমাজ জীৱনৰ পোহৰত সুখপাঠ্য হৈ উঠা উপন্যাসখনৰ অনূদিত ৰূপ সম্পৰ্কত ড০ মানিক বৰাই এটি প্ৰবন্ধত কৈছে –“ড০ জুৰি দত্তৰ অনুবাদেৰে অসমৰ জনজীৱনৰ উশাহ-নিশাহৰ গোন্ধ থকা এখন চিত্ত উদ্বেলকাৰী মালায়ালম ভাষাৰ উপন্যাস। ”
উপন্যাসখনৰ শেষত সংযোজিত মূল লেখক নাৰায়ণৰ সৈতে ‘কচাৰেথি’ৰ ইংৰাজী অনুবাদক কেথেৰিন থানকাম্মাৰ এটি মূল্যৱান সাক্ষাৎকাৰ সংযোজন কৰা হৈছে; যিয়ে পাঠকক ঔপন্যাসিক আৰু উপন্যাসখনৰ নেপথ্যৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত হোৱাত সহায় কৰিব।
কচাৰেথি: আৰায়া নাৰী
ড০ জুৰি দত্ত (অনুবাদক)
পূৰ্বায়ণ প্ৰকাশন
দাম ৩৯০ টকা
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.