আৱেগ-অনুভূতিৰ গভীৰতা, মননশীলতা, বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধিৰে সমৃদ্ধ গল্পকাৰ, ঔপন্যাসিক, গীতিকাৰ, কবি চন্দনা পাঠকৰ ‘হাইকুৰ দৰে ভুলবোৰে’ পঢ়ুৱৈৰ অন্তৰক উদ্বেলিত কৰি তুলিব৷
বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে গ্ৰন্থখনৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে – “…ভুলবোৰ হাইকুৰ দৰে সংক্ষিপ্ত হয় নে নাই নাজানো, কিন্তু কিছুমান ভুলত আৱেগে হাইকুৰ দৰে গভীৰ, মননশীল স্থিতি লাভ কৰে৷ চন্দনাৰ হাইকু অংশৰ কবিতাবোৰ তেনে আৱেগ-অনুভূতিৰে ভৰি থকা মনটোৰ সংযত আৰু সংস্কৃত প্ৰয়াস৷ চন্দনাৰ ভুলবোৰ অংশৰ কবিতাবোৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধিৰ চিত্ৰায়ণ৷…
…এই কবিতাবোৰত কবিৰ অনুভূতিশীল মনে প্ৰকৃতিৰ একো একোটা উপাদানৰ সংযোগ আকস্মিকভাৱে বিচ্চুৰিত হোৱা কেতবোৰ পোহৰকণা যেন শব্দৰে ধৰি ৰাখিছে৷ তাৰে মৃত্যু চেতনাই চুই যোৱা কবিতাকেইটাই এক দাৰ্শনিক আয়তন লাভ কৰিছে৷…”

Haikur Dore Bhulbor – Ch...

Original price was: ₹ 180.00.Current price is: ₹ 153.00.

Out of stock

error: Content is protected !!