আধুনিক মানুহৰ অন্তৰ্জীৱনৰ কথা পৰম প্ৰত্যয়েৰে কোৱা এগৰাকী কথকৰ আটকধুনীয়া এমুঠি গল্প
পল্লৱী কৌশিক শৰ্মাৰ
একাপ কফি আৰু এটা আধৰুৱা কাহিনী
দাম : ১৮০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
সাম্প্ৰতিক অসমীয়া গল্পলৈ নতুন প্ৰাচুৰ্য কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গল্পকাৰ পল্লৱী কৌশিক শৰ্মাৰ গল্পত জীৱনে বৰ্ণময় ৰূপত ধৰা দিয়ে। সকলো স্তৰৰ পঢ়ুৱৈকে সমানে আকৃষ্ট কৰিবলৈ সক্ষম হোৱা পল্লৱী কৌশিক শৰ্মাৰ গল্প সম্পৰ্কত লেখক, সমালোচক টুনুজ্যোতি গগৈয়ে লিখিছে, ‘পল্লৱী কৌশিকৰ গল্পই মূলতঃ আধুনিক মানুহৰ অন্তৰ্জীৱনৰ কথা পৰম প্ৰত্যয়েৰে কয়। অৱসাদ, অস্থিৰতা, অপ্ৰাপ্তি অপ্ৰেম আদি বিভিন্ন সমস্যাৰে ক্ষত-বিক্ষত মধ্যবিত্ত মানুহৰ জীৱন কাহিনী তেওঁ নিজা দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিছে আৰু সিবোৰক মনোগ্ৰাহী তথা সাৱলীল ভাষাৰে গল্পৰ ৰূপ দিছে। তেওঁ কাহিনী বিন্যাসৰ কৌশল আয়ত্ত কৰি লোৱাৰ ফলত গল্পবোৰ হৈ পৰিছে সুখপাঠ্য আৰু শিল্পমণ্ডিত। পল্লৱী এক উদাৰ নৈতিক চেতনা আৰু স্বচ্ছ জীৱনবোধৰ অধিকাৰী হোৱা বাবেই তেওঁৰ গল্পবোৰে জীৱনৰ সপক্ষে ওকালতি কৰে– বিভ্ৰান্ত আৰু বিমূঢ় মানুহক নতুন স্বপ্নেৰে জী থাকিবলৈ প্ৰেৰণা যোগায়। ‘
নিটোল গল্প পঢ়াৰ পৰিতৃপ্তি আৰু সন্তুষ্টিৰ বাবে পল্লৱী কৌশিক শৰ্মাৰ গল্প পঢ়ুৱৈৰ নিখুঁট নিৰ্বাচন হিচাপে নিসন্দেহে বিবেচিত হ’ব।

SENDER NAME: PURBAYON PUBLICATION
RECEIVED COPY: 1
RECEIVED : 01/12/2023

EKAP COFFEE ARU ETA AADHARUWA ...
or
error: Content is protected !!