কাশ্মীৰৰ প্ৰকৃতি, পৰিৱেশ, ইতিহাস, সমাজ, সংস্কৃতি, ৰাজনৈতিক প্ৰেক্ষাপট আদি সকলো দিশ সামৰি ভাস্কৰজ্যোতি কুটুমৰ এখনি মনোৰম গ্ৰন্থ “এজন সৈনিকৰ দৃষ্টিৰে ভূস্বৰ্গ কাশ্মীৰৰ জনজীৱন”। ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এগৰাকী সৈনিক হিচাপে লাভ কৰা চাক্ষুষ তথা প্ৰত্যক্ষ অভিজ্ঞতাৰে সমৃদ্ধ গ্ৰন্থখনক কাশ্মীৰৰ সামগ্ৰিক অৱলোকন বুলি ক’ব পাৰি।
কাশ্মীৰীসকলৰ জনজীৱন অথবা জীৱনচৰ্যাৰ সৈতে জড়িত ভিন্ন দিশৰ লগতে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ, উৎসৱ অনুষ্ঠান, কৃষি, জলবায়ু পৰিৱৰ্তন আদি দিশসমূহ গ্ৰন্থখনত আলোচনা কৰা হৈছে। কাশ্মীৰৰ প্ৰকৃতি, সৌন্দৰ্য, ঋতু পৰিৱৰ্তন আৰু শীতৰ অনুভৱৰ বৰ্ণনাও মনোমোহা।
অতুলনীয় সুন্দৰতাৰে ভূস্বৰ্গ হ’লেও অশান্তি আৰু অস্থিৰতাৰে কাশ্মীৰ ভাৰাক্ৰান্ত; এয়া নতুন কথা নহয়। লেখকে গ্ৰন্থখনত নতুন ৰাজ্য ৰূপে কাশ্মীৰ গঠনৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আজি পৰ্যন্ত কাশ্মীৰৰ সমস্যাজৰ্জৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিক ঐতিহাসিক তথা বাস্তৱ দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিছে। লগতে এইসমূহৰ সমাধান অথবা সম্ভাৱনা সম্পৰ্কেও লেখকে নিজৰ মতামত আৰু বক্তব্য দাঙি ধৰিছে।
কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ জন্মৰ ইতিহাসকে ধৰি কাশ্মীৰৰ সমস্যা আৰু উগ্ৰবাদ নিৰাময়ত চৰকাৰৰ ভূমিকা, শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা বাহিনীৰ দায়িত্ব আদি গুৰুত্বপূৰ্ণ দিশসমূহো গ্ৰন্থখনত বিবৃত হৈছে। তদুপৰি এগৰাকী সামৰিক জোৱান হিচাপে লেখকৰ অনুভৱ তথা কাশ্মীৰৰ সৈতে জড়িত অন্যান্য কেতবোৰ বিষয়ো নিজস্ব দৃষ্টিভংগী আৰু আৱেগ অনুভূতিৰে চমু পৰিসৰতে অৱতাৰণা কৰা হৈছে।
এজন সৈনিকৰ দৃষ্টিৰে ভূস্বৰ্গ কাশ্মীৰৰ জনজীৱন”
ভাস্কৰজ্যোতি কুটুম
পূৰ্বায়ণ প্ৰকাশন
১৮০ টকা

Ejon Sainikor Dristire Bhu-Swa...
error: Content is protected !!