এফালে সমাজ, ৰাজনীতি, দেশ, মাটি আৰু ভাষা; আনফালে ভোগবাদী পৃথিৱীত ‘তেজ শেহা’ শাসক আৰু ‘ভোকত চিঞৰা নাঙঠ শিশু’! এফালে সুতীক্ষ্ণ শ্লেষ আৰু আনফালে সুকোমল স্পৰ্শকাতৰতাৰে প্ৰেম অথবা প্ৰকৃতি! মেহৰৌলিৰ পৰা মণিপুৰলৈকে সামৰি উৎপল ডেকাৰ কবিতাৰ বৈচিত্ৰ্যময় বিষয়-বিস্তৃতি।
মানুহ আৰু সমাজৰ সূক্ষ্ম পৰ্যবেক্ষণ; অথবা জীৱন আৰু জগতৰ অন্তহীন অন্বেষণেৰে এটি মেটমৰা কবিতা-সংকলন ‘বিভ্ৰমৰ শেষত’।
এই ‘বিভ্ৰম’ সম্পৰ্কে নীলিমা ঠাকুৰীয়া হকে হৈছে— “কবিয়ে সঠিকভাৱে বিভ্ৰম পৰিহাৰ কৰি দিঠকৰ পৃথিৱীখনক শব্দৰূপত আঁকিছে।”
এই শব্দৰ ৰূপ আকৰ্ষণীয় আৰু যথাৰ্থতে মেদহীন; অথচ অনুভূতিৰ তীব্ৰতাৰে সিক্ত আৰু পৰিপুষ্ট । যাৰ দ্বাৰা কবিয়ে সমকামিতাৰ পৰা বাৰ্দ্ধক্যৰ যন্ত্ৰণালৈকে জীৱনৰ জীৱন্ত ছবি বৰ সংবেদনশীলতাৰে আঁকিব পাৰিছে।
বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ ভাষাৰে ক’ব পাৰি –“উৎপলে জীৱন আৰু সমাজৰ ঘটনা আৰু প্ৰাসংগিকতাক প্ৰশ্নবোধক চাৱনিৰে পৰীক্ষা কৰাৰ ইচ্ছাৰে লিখা কবিতাবোৰৰ গুৰুত্ব আৰু তাৎপৰ্য আছে । ”
যদিও কবিয়ে কৈছে–
“বিভ্ৰমৰ শেষত একো নাথাকে
ৰৈ যায় নীৰৱ কাহিনীৰ অৱশিষ্ট। ”
তথাপি, এই নীৰৱ কাহিনীয়ে খুব সৰৱভাৱে পাঠকৰ মন-মগজুক উদ্বেলিত কৰিব।
বিভ্ৰমৰ শেষত
উৎপল ডেকা
পূৰ্বায়ণ প্ৰকাশন
দাম – ১৭০.০০

Bivramor Sekhot by Utpal Deka ...
error: Content is protected !!