Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 180.00 Original price was: ₹ 180.00.₹ 153.00Current price is: ₹ 153.00.
Bhokor Lilipre Likha
Dhiman Barman
ভোকৰ লিপিৰে লিখা
ধীমান বৰ্মন
Purbayon Publication
Price Rs. 180
Out of stock
অসমীয়া কবিতাক ভৱিষ্যতৰ স্বপ্ন দেখুওৱা কবি
ধীমান বৰ্মনৰ
ভোকৰ লিপিৰে লিখা
ৰাতিৰ জাল দেখি হোঁৱা দিবলৈ সাহস লাগে/ সেই সাহস কবিৰ জানো আছে/ তথাপি কোনোবা পাঠকে যেতিয়া কবিৰ মাজতো/ ফেউৰা দেখে/ কবিৰ বাৰু মন নাযাবনে/ জীৱলৈ এটা টেঙৰ জীৱন!
অসমীয়া কবিতাক ভৱিষ্যতৰ স্বপ্ন দেখুৱাব পৰা এগৰাকী কবিৰ কবিতা এয়া। তেওঁ ধীমান বৰ্মন। এটা দশকৰো অধিক কাল নিৰৱচ্ছিন্নভাৱে কবিতাৰ সৈতে এটা শান্ত কিন্তু সৰৱ যাত্ৰা অব্যাহত ৰখা কবিগৰাকীৰ এই সংকলখনে তেওঁৰ বিৱৰ্তিত ৰূপটোৰ নিদৰ্শন দাঙি ধৰিছে। নিজকে অতিক্ৰম কৰি কবি ধীমান বৰ্মনে ‘ভোকৰ লিপিৰে লিখা’ সংকলনখনৰ কবিতাবোৰৰ মাজত অন্য এগৰাকী কবিৰ ৰূপ প্ৰতিভাত কৰি তুলিছে। প্ৰৱল সংবেদনশীল আৰু আত্ম-নিৱেদিত এইগৰাকী কবিৰ বিষয়ে বৰেণ্য কবি অনুভৱ তুলসীয়ে লিখিছে– ‘ধীমান বৰ্মনে সাম্প্ৰতিক সময়ৰ ব্যংগচিত্ৰ আৰু সংপৃক্ত শ্লেষ আকৰ্ষণীয় ৰূপত ফুটাই তুলিছে। সেই অনুপাতে ভাষিক সুষমাৰ সঁহাৰি উল্লেখযোগ্য আৰু তাৰ মাজেৰে কবিজন সুদীৰ্ঘ কাব্যযাত্ৰাৰ বাবে সাজু হৈছে। সমকালৰ বৈশিষ্ট্যপূৰ্ণ কণ্ঠস্বৰ হিচাপে তেওঁ চিহ্নিত হ’বৰ যোগ্য।’
এগৰাকী কবিৰ বিৱৰ্তিত ৰূপটোৰ সৈতে পৰিচিত হ’বৰ বাবেই নহয়, বৰং অসমীয়া কবিতাৰ বিৱৰ্তনৰ নতুন বাটৰ উমান পাবলৈকো ধীমান বৰ্মনৰ এই নতুন কবিতালানি পঢ়াটো জৰুৰী। গ্ৰন্থঋতুত কাব্যৰসিকৰ বাবে ধীমান বৰ্মনৰ ‘ভোকৰ লিপিৰে লিখা’ হৈ উঠিব এক অনন্য আকৰ্ষণৰ বিষয়।
Powered by YARPP.
₹ 300.00 Original price was: ₹ 300.00.₹ 225.00Current price is: ₹ 225.00.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.