ভাস্কৰ জ্যোতি বৰুৱাৰ গল্প-পঠন মানেই পঢ়ুৱৈৰ আত্ম-অন্বেষণ। গল্পৰ মাধ্যমেৰে তেওঁ ক’ব খোজা প্ৰতিটো কথাই প্ৰতিজন মানুহে অব্যক্ত, অলিখিতভাৱে অনবৰতে যেন বুকুত কঢ়িয়াই লৈ ফুৰে। এনেবোৰ কথা, কাহিনী আৰু চৰিত্ৰৰে বৰুৱাৰ নৱতম গল্প-সংকলন ‘অসম্পূৰ্ণ ৰূপান্তৰ’।
সংকলনটিত সন্নিৱিষ্ট গল্পসমূহৰ বিষয়-নিৰ্বাচন আৰু নিৰ্মাণশৈলী আকৰ্ষণীয়। গল্পবোৰ মূলতঃ আধুনিক স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ অন্ত‌ঃসাৰশূন্যতা, দুঃখ-দ্বন্দ্ব, মানসিক সংঘাত, অৱদমিত আকাংক্ষা, হিংসা-প্ৰতিহিংসা, অনুশোচনা আদি মানৱীয় আৱেগ-অনুভূতিৰ মনোৰম বহিঃপ্ৰকাশ।
বিশিষ্ট সমালোচক ড০ পৰী হিলৈদাৰীৰ ভাষাত—
“… ভাস্কৰ জ্যোতি বৰুৱাৰ ‘এটা অসম্পূৰ্ণ ৰূপান্তৰ’ৰ পাঠত সাধাৰণ বিষয়বস্তু এটাক অসাধাৰণ ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কেৱল শৈলীগত বুলি ক’লে গল্পটোৰ বিচাৰ কৰা নহ’ব, কাৰণ গল্পটোৰ পৰিৱেশ নিৰ্মাণত ব্ৱহৃত ভাষাৰ প্ৰতীকী ব্যঞ্জনাক হৃদয়গ্ৰাহী কৰি তুলিছে গল্পটোৰ অন্তঃস্থলত প্ৰোথিত হৈ থকা বক্তব্যই।… ”
গল্পকাৰৰ ৰচনাশৈলীৰ এই বৈশিষ্ট্য প্ৰতিটো গল্পৰ মাজতেই অনুভূত হয়। ‘অসম্পূৰ্ণ ৰূপান্তৰ’ৰ অন্তৰ্গত কেওটা গল্পৰ অন্তৰ্নিহিত বক্তব্যই পাঠকক নিশ্চিতভাৱে আপ্লুত কৰিব।
অসম্পূৰ্ণ ৰূপান্তৰ
ভাস্কৰ জ্যোতি বৰুৱা
পূৰ্বায়ণ প্ৰকাশন
দাম ২৫০ টকা

SENDER NAME: PURBAYON PUBLICATION
RECEIVED COPY: 1
RECEIVED : 01/12/2023

AXOMPOORNA ROOPANTOR – S...
or
error: Content is protected !!