No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorje Thongsi) এগৰাকী বিশিষ্ট ঔপন্যসিক আৰু গল্পকাৰ। ’জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ’সংগম’, ’মনোৰঞ্জন’, ’প্ৰান্তিক’, ’গৰীয়সী’ আদি আলোচনীৰ পাতত সিচঁৰিত হৈ আছে। তেওঁ ’মৌন ওঁঠ মুখৰ হৃদয়’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ’পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভাৰ বঁটা লাভ কৰে। কৰ্মজীৱন : ১৯৭৭ চনত অৰুণাচল প্ৰদেশ প্ৰশাসনিক সেৱাত যোগদান কৰি ১৯৯২ চনত ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখযোগ্য বঁটা : সাহিত্য অকাডেমি বঁটা, ২০০৫ ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা
© scientiabooks.in an online Book Store in Guwahati, Assam India.