No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল বীৰ্য্যৰ পৰিচয় দিছিল। প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নিচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুস্থান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল।
© scientiabooks.in an online Book Store in Guwahati, Assam India.