No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
অতুল চন্দ্ৰ হাজৰিকা (ইংৰাজী: Atul Chandra Hazarika; ১৯০৩-১৯৮৬) এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল । অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বাংলা নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। অতুলচন্দ্ৰ হাজৰিকাই সৰ্বমুঠ ১২৪ খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তাৰ ভিতৰত সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা ২৪ খন, নাটক আৰু নাটক সম্পৰ্কীয় গ্ৰন্থ ৩২ খন, গীত আৰু কবিতা গ্ৰন্থ ২৩ খন, শিশুৰ বাবে ৰচিত গ্ৰন্থ ৪০ খন আৰু ৫ খন বিবিধ বিষয়ক গ্ৰন্থ আছিল। হাজৰিকা দেৱে ১৯২৮ চনত মিলন আলোচনীৰ সম্পাদনা কৰিছিল আৰু কিছুদিন শিশু আলোচনী দীপকৰো সম্পাদনা কৰিছিল। তেওঁ অমিয়কুমাৰ দাসৰ বাঁহীত চিত্ৰদাস ছদ্মনামেৰে অসংখ্য কবিতা প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম কবিতাটো আছিল বসন্তকাল। হাজৰিকাৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাবে জৰিত হাজৰিকাই ১৯৫৩ চনৰ পৰা একেলেঠাৰীয়ে তিনিবছৰৰ বাবে প্ৰধান সম্পাদকৰ পদত থাকি ১৯৫৬ চনত উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৫৯ চনত নগাঁও জিলাত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে।
© scientiabooks.in an online Book Store in Guwahati, Assam India.