No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
ড° ৰীতা চৌধুৰী (জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা। বৰ্তমান এওঁ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছে। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। অসম আন্দোলনৰ সময়ছোৱাত তেখেত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত আছিল। আন্দোলনৰ কাৰ্য-কলাপৰ বাবে তেখেতে গুৱাহাটীত দুবাৰ আৰু ডিব্ৰুগড়ত তিনিবাৰ কাৰাবাস খাটিছিল। সাহিত্যকৃতি : চৌধুৰীৰ জীৱনৰ প্ৰথমখন উপন্যাস আছিল ১৯৮১ চনত লিখা "অবিৰত যাত্ৰা"। ইয়াৰ বাবে তেখেত অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি থকা অৱস্থাত তেখেতে এই উপন্যাসখন লিখি উলিয়াইছিল। ২০০১-২০০২ বৰ্ষত তেখেত "আধাৰশিলা"ৰ সম্পাদকো আছিল। ২০০৫ চনৰ "দেও লাংখুইৰ পিছত চৌধুৰীৰ ২০১০ চনত প্ৰকাশিত উপন্যাস "মাকামে" বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। ইতিমধ্যে ইয়াৰ আধাৰত চলচ্চিত্ৰৰ পৰিকল্পনাও কৰা হৈছে।
© scientiabooks.in an online Book Store in Guwahati, Assam India.