No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
নগেন শইকীয়া (জন্ম:১৯৩৯ - )একেধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে৷ তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল । হাতীয়েখোৱা আৰু ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ৷ মাজতে কিছুদিন 'অসম বাতৰি'ৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ইয়াৰ পিছত ক্ৰমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ, আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যলয়ত অধ্যাপনা৷ ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপকৰূপে যোগদান আৰু ২০০২ চনত উক্ত বিভাগৰ প্ৰাধ্যাপক (সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন) ৰূপে অৱসৰ গ্ৰহণ৷ ২০০৩ চনত কেইমাহমানৰ বাবে 'নতুন দৈনিক' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ২০০৪-০৬ বৰ্ষত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ৷ ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সদস্য৷
© scientiabooks.in an online Book Store in Guwahati, Assam India.