No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় । অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক । ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয় । শিক্ষা : অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয় । জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা ডাক টিকট। ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভুগা সত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী"ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে। জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ "ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ ।
© scientiabooks.in an online Book Store in Guwahati, Assam India.