No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। জন্ম : ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। ৰচনা শৈলী : "পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।"- ড° নমিতা ডেকা (হোমেন বৰগোহাঞিৰ সন্ধানত)। লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। "বিভিন্ন নৰক" নামৰ কিতাপ খনৰ কাৰনে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লবলৈ বাধ্যত পৰে । চাকৰিৰ পৰা ওলাই তেওঁ সাংবাদিক জীৱনৰ লগত সাঙুৰ খাই পৰে৷ তেওঁৰ কলমেদি কেবাখনো আত্মজীৱনীমুলক কিতাপ প্ৰকাশ পাইছে৷ প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে।
© scientiabooks.in an online Book Store in Guwahati, Assam India.