No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
ড° ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Dr. Bhabendra Nath Saikia, জন্ম:১৯৩২- মৃত্যু:২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক । কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, আত্মজীৱনী, শিশুসাহিত্য, আদি সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অমূল্য অৱদান আগবঢ়াই গৈছে। ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা Nuclear Physics বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ 'ৰজত কমল বঁটা' লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে 'পদ্মশ্ৰী' সন্মান লাভ কৰিছিল।
© scientiabooks.in an online Book Store in Guwahati, Assam India.