No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
অনুৰাধা শৰ্মা পূজাৰী (ইংৰাজী: Anuradha Sharma Pujari, জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক।
১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।
তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে।
তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিছাপে কাৰ্যৰত হৈ আছে।
চাহেব পুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।
সাহিত্য কৰ্মৰাজী উপন্যাস :
এজন ঈশ্বৰৰ সন্ধানত
চাহেব পুৰাৰ বৰষুণ
ব’ৰাগী নদীৰ ঘাট
নাহৰৰ নিৰিবিলি ছাঁ
ৰাগ-অনুৰাগ
মেৰেং
সোণ হৰিণৰ চেঁকুৰ
নীল প্ৰজাপতি
© scientiabooks.in an online Book Store in Guwahati, Assam India.