No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 440.00 Original price was: ₹ 440.00.₹ 374.00Current price is: ₹ 374.00.
Sagarika by Leena Sarma
সাগৰিকা
লীনা শৰ্মা (Author)
Purbayon Publication পূর্বায়ণ প্ৰকাশন
Hardcover – 30 November 2023
Price Rs. 440
Out of stock
কেৱল হোম-মেকাৰ হ’ব খোজা এগৰাকী সাধাৰণ নাৰী গায়ত্ৰী; ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ থাকি স্বামী আৰু সন্তানৰ সৈতে সুখৰ সংসাৰ এখনেই যাৰ একমাত্ৰ সপোন । বিপৰীতে কেৰিয়াৰসৰ্বস্ব সপোন আৰু উচ্চাকাংক্ষাই অন্ধ কৰা তেওঁৰ স্বামী সিদ্ধাৰ্থ আমেৰিকাত প্ৰতিষ্ঠিত এজন অসমীয়া জৈৱবিজ্ঞানী; যিয়ে পত্নীৰ বৌদ্ধিক অসমতাৰ দোহাই দি দুটি সন্তানেৰে সৈতে দহ বছৰীয়া সংসাৰ থানবান কৰি পত্নীৰ পৰা আঁতৰি গৈছে বিশ্বখ্যাত জৈৱবিজ্ঞানী নোৰা ৰবাৰ্টছৰ সৈতে। এইখিনিৰে পৰা আৰম্ভ হৈছে বিদেশৰ মাটিত গায়ত্ৰীৰ জীৱন সংগ্ৰামৰ অনন্য কাহিনী।
গায়ত্ৰী নামৰ চৰিত্ৰটিক কেন্দ্ৰ কৰি আগবঢ়া এই কাহিনীভাগেই লীনা শৰ্মাৰ ‘সাগৰিকা’ৰ মূল উপজীব্য যদিও উপন্যাসখনত আমেৰিকা নামৰ দেশখনেও এটি চৰিত্ৰ হিচাপেই আত্মপ্ৰকাশ কৰিছে। আমেৰিকাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ছবিখন উপন্যাসখনে আটোমটোকাৰিকৈ সামৰি লৈছে। চৰিত্ৰৰ মনোজগতৰ দ্বন্দ্ব, সম্বন্ধৰ ভংগুৰতা, আন্তৰিকতাশূন্য আচৰণ, কাৰ্য-কলাপ তথা দেশখনৰ স্খলনমুখী সংস্কৃতিৰ মাজেৰে ঔপন্যাসিকে আমেৰিকাৰ স্বচ্ছন্দতাৰ আঁৰৰ অন্ধকাৰখিনিক পোহৰলৈ আনিছে।
আপাতঃ দৃষ্টিত আমেৰিকাৰ দৰে দেশত ভৰি থ’ব পৰাটো অথবা সেই দেশত জীৱন-যাপন কৰিবলৈ সুযোগ পোৱাটো সিদ্ধাৰ্থই ভবাৰ দৰেই পূৰ্বজনমৰ পূণ্যৰ ফল; কিন্তু গায়ত্ৰীৰ বাবে এই দেশ জড় আৰু বিচিত্ৰতাহীন; তেওঁ ভাবে–
“ইয়াত জীৱনৰ প্ৰাচুৰ্য নাই। ধনৰ প্ৰাচুৰ্য, সম্পদৰ প্ৰাচুৰ্য সকলো আছে, কিন্তু বৈচিত্ৰ্যহীন। জীৱন! ”
অথচ বহুতৰ বাবেই বিদেশ অথবা আমেৰিকাৰ দৰে বিশ্বৰ অভিজাত দেশৰ জীৱনচৰ্যা ঈৰ্ষণীয় আৰু পৰম-আকাংক্ষিত। কিন্তু ‘সাগৰিকা’ৰ কাহিনীয়ে কৈছে সেই দেশৰ শ্বাসৰুদ্ধকৰ জীৱনযাত্ৰাই আনি দিয়া নিঃসংগতাবোধ অথবা যান্ত্ৰিকতাৰ প্ৰকোপত হেৰাই যোৱা মানৱীয় প্ৰমূল্যবোধৰ কথা; প্ৰাণস্পৰ্শীভাৱে কোৱা হৈছে বিদেশত থাকি স্বদেশৰ প্ৰতি বুকুত অহৰহ কঢ়িওৱা আকুলতাৰ কথা—
“সিহঁতৰ সন্তান ভাৰতৰ বাবে বিদেশী। পিতৃ মাতৃৰ স্বদেশ সন্তানৰ বাবে বিদেশ, কি এক বৈপৰীত্য!”
গায়ত্ৰীৰ ঘটনাবহুল জীৱন-পৰিক্ৰমাৰ আঁত ধৰি উপন্যাসখনত এনেকৈয়ে মানৱীয় আৱেগ-অনুভূতিৰ তীব্ৰতা অথবা নিষ্পন্দতাক ফুটাই তোলা হৈছে। ঠিক একেদৰেই আমেৰিকাৰ ইতিহাস, সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আদি সকলো দিশ সামৰি দেশখনৰ এক সামগ্ৰিক ছবি নিটোলভাৱে অংকন কৰা হৈছে। ছেগ বুজি উপন্যাসখনত কোৱা হৈছে ভাৰতবৰ্ষৰ সৈতে আমেৰিকাৰ সামাজিক-সাংস্কৃতিক পাৰ্থক্যৰ কথা; একেদৰেই কোৱা হৈছে ভাৰতৰ দৰে দেশৰ প্ৰতি আমেৰিকাই পুহি ৰখা নীচ মনোভাব আৰু অজ্ঞতাৰ কথাও।
সাগৰিকা
লীনা শৰ্মা
পূৰ্বায়ণ প্ৰকাশন
দাম ৪৪০ টকা
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.