No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 330.00 Original price was: ₹ 330.00.₹ 280.00Current price is: ₹ 280.00.
Andolita Akash by Monalisha Saikia
আন্দোলিত আকাশ
মনালিছা শইকীয়া (Author)
Purbayon Publication
Price Rs. 330
Out of stock
“এজনী পাগলী মানুহৰ সৈতে সংসাৰ কৰাৰ যাতনা তই ক’ত বুজিবি! এটা কথা ক’চোন, তোৰ মাৰে পৃথিৱীৰ বোজা বঢ়োৱা নাইনে? এই মানুহজনীৰ কাৰণেই থানবান হৈ যোৱা নাইনে মোৰ ঘৰখন?”
এখন চূড়ান্ত অসংবেদনশীল পৃথিৱীত মনোৰোগী এগৰাকীৰ প্ৰতি এনে মনোভাব অস্বাভাৱিক নহয়। চৌপাশৰ সমাজখনেই কিয়; নিজৰ আত্মীয়ৰ বাবেও তেনে এগৰাকী ব্যক্তি হৈ পৰে অসহনীয় বোজা; ঠিক মামণিৰ দেউতাকে কোৱাৰ দৰে।
স্কিজ’ফ্ৰেনিয়া নামৰ এক জটিল মানসিক ৰোগত গুৰুতৰভাৱে আক্ৰান্ত এগৰাকী অভিজাত নাৰী মামণি বৰুৱাৰ মাক। তথাকথিত উচ্চশিক্ষিত মানুহবোৰৰ দৃষ্টিতো যাৰ পৰিচয় এগৰাকী ‘পাগলী’। পৰিয়াল আৰু সমাজৰ দ্বাৰা অৱহেলিত সেই নাৰীৰ একমাত্ৰ ভৰসা তথা সম্বল তেওঁৰ সৰু জীয়েক মামণি; যি এদিন সমাজৰ পৰা মাকে পোৱা যন্ত্ৰণা, লাঞ্ছনাত জৰ্জৰ হৈ নিজেও হৈ পৰে স্কিজ’ফ্ৰেনিক ৰোগী।
এনে এক ৰোমহৰ্ষক আৰু মৰ্মান্তিক কাহিনীৰে মনালিছা শইকীয়াৰ ‘আন্দোলিত আকাশ’; মন আৰু মগজু আলোড়িত কৰি তোলা এখন উপন্যাস।
কাহিনীৰ আলমতে ঔপন্যাসিকে মানসিক ৰোগীৰ মনোজগত আৰু আচাৰ-অভিব্যক্তিক অতি সংবেদনশীলতাৰে নিৰীক্ষণ কৰিছে। মানৱীয় আৱেগ অনুভূতিৰে তেওঁলোকৰ সমস্যাসমূহক পাঠকৰ সমুখত তুলি ধৰিছে। সমান্তৰালভাৱে দেখুওৱা হৈছে তেনে ৰোগীৰ প্ৰতি এচাম মানুহৰ হৃদয়হীনতা আৰু অমানৱীয় আচৰণ; যিসকলৰ মাজত তিলমানো সহানুভূতি অথবা সহমৰ্মিতাৰ অভাৱ।
মনোৰোগৰ ইতিহাস সম্পৰ্কেও এঠাইত কোৱা হৈছে–
“অতীজতো আছিল এই ৰোগী। তেতিয়া মানুহে এইবোৰ ভূত-প্ৰেত, ডাইনীৰ প্ৰভাৱত হয় বুলিয়েই ভাবিছিল।… পুৰাতাত্ত্বিক খননত উদ্ধাৰ হোৱা লাখ লাখ বছৰৰ আগৰ মানুহৰ কিছুমান লাওখোলা পোৱা গৈছে। সেইবোৰৰ কপালত ফুটা আছে। তেওঁলোকৰ গাৰ পৰা ভূত খেদিবলৈ মূৰত ফুটা কৰি দিয়া হৈছিল।… ”
এগৰাকী মনোৰোগীৰ অন্তঃ আৰু বহিঃজগতখনৰ নিৰ্মম চিত্ৰায়ণ ‘আন্দোলিত আকাশ’। চিত্তস্পৰ্শী কাহিনী তথা চৰিত্ৰৰ গতি-প্ৰকৃতিয়ে পাঠকক উদ্বেলিত কৰাৰ লগতে উপন্যাসখনে মনোৰোগ সম্পৰ্কেও পাঠকক সজাগ-সচেতন কৰি তুলিব, তেনে ৰোগীৰ প্ৰতি সহমৰ্মী হ’বলৈ উদ্বুদ্ধ কৰিব।
আন্দোলিত আকাশ
মনালিছা শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
দাম ৩৩০ টকা
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.