অই নিঃতমৰ গাঁওবোৰ
টম মেদক আৰু ডেনী গাম

From পলাশ লইং Facebook post:
জন্মগতভাৱে তেওঁলোকে প্ৰকৃতিক অতি ওচৰৰ পৰা পাইছে। প্ৰকৃতিৰ বুকুত লালিত পালিত হৈছে।
প্ৰকৃতিৰ সমৃদ্ধৰূপ স্বাচ্ছন্দ দেখিছে, দেখিছে সংহাৰী দুৰ্যোগৰ নাজল-নাথল স্বৰূপ। মৃদু বতাহত কঁপি উঠা আহুতলিখন, আঘোন মহীয়া সোণালী ধাননী পথাৰখন, পুহমহীয়া হালধীয়াময় পথাৰখনৰ পৰা উটি আহি নাকত লাগি ৰাগি তোলা সৰিয়হ সুগন্ধিখিনি, বাৰিষা নৈত সাঁতুৰি-নাদুৰি ইপাৰ সিপাৰ হোৱা ভৰা নৈখন, ঘাটজাল, চেপাত উঠা কাঁড়ফলা মাছৰ উজানখিনি; কি পোৱা নাই তেওঁলোকে।
মহৰ ডিঙিৰ টিলিঙাটো, সন্ধিয়া ভৰি থকা গোহালিটো, উড়ালৰ ধুমুচ ধুমুচ শব্দত কঁপি উঠা নিমাও নিমাও পুৱাটো।
কোনো ডেকাৰ সুহুৰিবোৰ,
মিঠা অইনিঃতমৰ সুৰবোৰ ,এই সকলোখিনিৰ সমৃদ্ধ অইনিতমৰ গাঁওবোৰত।
সমস্যাও আছে;কিন্তু সেইবোৰো যেন সুৰ হৈ ভাঁহি থাকে অইঃনিতমৰ গাঁওবোৰত।
কবি ডেনী গাম আৰু টম মেদকৰ দ্বাৰা সম্পাদিত ২৪গৰাকী নিৰ্বাচিত অইঃনিমৰ গাঁৱৰ পৰা সৃষ্ট অসমীয়া কবিতাৰ এলানি ‘অই নিঃতমৰ গাঁওবোৰ। শদিয়াৰ পৰা বুৰুলী,বংকোৱাললৈকে ‘ ৰিণিকি ৰিণিকি বাজি থকা ‘অই নিঃতমৰ গাঁওবোৰ’ পাঠকসমাজে এবাৰ চকু ফুৰাব আৰু সুবাস ল’ব।
প্ৰকাশক গ্ৰন্থবাৰ্তা প্ৰকাশন।

OI NI: TOMOR GAONBUR EDITED BY...

Original price was: ₹ 250.00.Current price is: ₹ 225.00.

Out of stock