নতুন কথকৰ কণ্ঠত প্ৰেম-অপ্ৰেম, স্বপ্ন-বিভ্ৰম, সমাজ-ৰাজনীতি,
দেশ-দুনিয়াৰ অবিশ্ৰুত কাহিনী
পঞ্চানন হাজৰিকাৰ
আমি
এগৰাকী নতুন কথক– যাৰ কণ্ঠত সতেজ পৰিচ্ছন্নতা, নিখুঁত স্পষ্টতা। গল্প বিচাৰি তেওঁ ঘূৰি নুফুৰে, গল্পবোৰ তেওঁৰ কাষ চাপি আহে। কাষ চাপি আহে চৰিত্ৰবোৰ। জঁট লগা জীৱন, সমাজ আৰু ৰাজনীতিৰ অনুসন্ধিৎসু নিৰীক্ষক এইজন তৰুণ গল্পকাৰৰ কাহিনীয়ে তেওঁৰ চৌপাশেই ঘূৰি ফুৰে যদিও সাধাৰণ মানুহে নেদেখা আৰু নুশুনা বহু কণ্ঠস্বৰো তেওঁৰ লেখাত প্ৰতিভাত হৈ উঠে। সেইবাবেই তেওঁৰ গল্পবোৰৰ একত্ৰ কণ্ঠস্বৰ ‘আমি’ হৈ উঠিছে বিশেষ আৰু বিচিত্ৰ।
নতুনচাম গল্পকাৰৰ ভিতৰত একক বিশিষ্টতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা গল্পকাৰ পঞ্চানন হাজৰিকাৰ ‘আমি’ স্বৰূপাৰ্থতেই এখন চমকপ্ৰদ গল্প সংকলন। ১৩টা গল্পৰ এই সংকলনখনৰ প্ৰতিটোতেই পঢ়ুৱৈয়ে নিজৰ চৌপাশৰ জগত এখন, ঘটনা-পৰিঘটনা, উত্থান-পতন, চিনাকি চৰিত্ৰৰ অন্তৰ্মনৰ সম্ভেদ পাব বুলি নিসন্দেহ ক’ব পাৰি।
‘আমি’ক আমাৰেই গল্প বুলি ক’বলৈ বাধ্য কৰিব পৰা এই সংকলনখন গ্ৰন্থৰ ঋতুত সকলো স্তৰৰ পঢ়ুৱৈৰ আগ্ৰহ আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব যে সেয়া নিশ্চিত।

 

Aami – Panchanan Hazarik...
error: Content is protected !!