স্বাধীনতা আন্দোলনৰ সময়ৰ পটভূমিক অন্তৰস্পৰ্শী কাহিনীৰে উদ্ভাসিত কৰি তোলাৰ
চমকপ্ৰদ প্ৰয়াস
ৰুমী লস্কৰ বৰাৰ
কল্লোল
এগৰাকী জনপ্ৰিয় ঔপন্যাসিক, মননশীল গল্পকাৰ, সংবেদনশীল কবি ৰুমী লস্কৰ বৰাৰ উপন্যাস পঢ়ুৱৈৰ বাবে সদায়েই আগ্ৰহ আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ ৰৈছে। ‘কালাগ্নি’, ‘ডম্ফু’, ‘বৰ্ণিল সোণাইকুছিৰ স্বপ্নিল অধ্যায়’, ‘এখন প্ৰেমৰ উপন্যাস–প্ৰশ্ন’ আদিৰে পঢ়ুৱৈৰ মন-মগজুক আলোড়িত কৰি তুলিবলৈ সক্ষম হোৱা ৰুমী লস্কৰ বৰাৰ উপন্যাসে সদায়েই মৃদু শিহৰণ আৰু অন্তৰ গলোৱা অনুভূতি পঢ়ুৱৈৰ অন্তৰলৈ বোৱাই দিবলৈ সক্ষম হয়।
‘কল্লোল’ৰ পাততো একেই শিহৰণ, একেই অন্তৰদ্ৰাৱী অনুভূতি আৰু মৰ্মভেদী কাহিনী এটি তুলি ধৰিছে ৰুমী লস্কৰ বৰাই। স্বাধীনতা আন্দোলনৰ সময়ৰ পটভূমিলৈ উভতি গৈ অতি বিশ্বাসযোগ্যভাৱে সেই কাল আৰু মানুহৰ কাহিনীক তেওঁ কঢ়িয়াই আনিছে উপন্যাসখনৰ পাতলৈ। সকলোকে আকৰ্ষিত কৰিব পৰা এটা চুম্বকীয় ভাষাৰে তেওঁ যি কাহিনী কৈছে সেই কাহিনীয়ে যিকোনো এজন সংবেদনশীল পঢ়ুৱৈকে চমকিত কৰি তুলিব পাৰে।
অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী ঔপন্যাসিকৰ এই নতুন সৃষ্টি গ্ৰন্থ ঋতুত পঢ়ুৱৈৰ বাবে মূল্যৱান সম্পদ বিবেচিত হ’ব বুলি নিশ্চয়কৈ ক’ব পাৰি।

Kollol by Rumi Laskar Bora কল্...

Original price was: ₹ 390.00.Current price is: ₹ 331.00.

Out of stock

error: Content is protected !!