No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 250.00 Original price was: ₹ 250.00.₹ 212.00Current price is: ₹ 212.00.
NARI – UNABINGSA SATIKAR PARA BINGSA SATIKALOI
JUNU BORA
নাৰী – ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ
জুনু বৰা
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 250
Language : Assamese
Hardcover : 168 pages
Out of stock
প্ৰগতিশীল লেখিকা তথা নাৰী অধিকাৰ কৰ্মী জুনু বৰাৰ এখনি গৱেষণাধৰ্মী গ্ৰন্থ ‘নাৰী : ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ’; য’ত আলোচনা কৰা হৈছে এই সময়ছোৱাই প্ৰতিনিধিত্ব কৰা অসমৰ সমাজ আৰু সেইখন সমাজৰে প্ৰতিনিধি অসমীয়া নাৰীসকলৰ সামাজিক অৱস্থান, জীৱন-সংগ্ৰাম, প্ৰজ্ঞা আৰু প্ৰতিভাৰ লগতে সামাজিক প্ৰতিবন্ধকতা আৰু উত্তৰণৰ জয়যাত্ৰাৰ অন্তৰ্নিহিত বহু কথা।
গ্ৰন্থখনত চন্দ্ৰপ্ৰভা শইকীয়ানী, মামণি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞি, ড০ অপৰ্ণা মহন্ত, প্ৰীতি বৰুৱা, তোষপ্ৰভা কলিতা, পুণ্যপ্ৰভা ওজা আদি কেইবাগৰাকীও বৰেণ্য নাৰীক সামাজিক, সাহিত্যিক, শৈক্ষিক আৰু সাংস্কৃতিক দৃষ্টিকোণেৰে মূল্যায়ন কৰা হৈছে। তদুপৰি অসমৰ সংগীত জগতৰ প্ৰতিমা বৰুৱা পাণ্ডে, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈৰ পৰা আৰম্ভ কৰি দীপালী বৰঠাকুৰ, পাৰবীন চুলতানালৈকে একুৰিৰো অধিক অগ্ৰণী মহিলা সংগীত-শিল্পীৰ বিষয়ে গ্ৰন্থখনত আলোচনা কৰা হৈছে। তাৰ লগতে নাৰী অধিকাৰৰ ক্ষেত্ৰত হেমচন্দ্ৰ-গুণাভিৰামৰ ভূমিকা আৰু অসমীয়া নাৰীক পোহৰৰ বাট দেখুওৱা প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ-জেউতি’ সম্পৰ্কীয় আলোচনাও গ্ৰন্থখনত গুৰুত্ব সহকাৰে স্থান পাইছে। ওপৰঞ্চিভাৱে, সন্নিৱিষ্ট কৰা হৈছে বিষ্ণু ৰাভাৰ ‘মিছিং কনেং’, কাশীনাথ বৰ্মনৰ আপুৰুগীয়া গ্ৰন্থ ‘নাৰী-ৰত্ন’ আৰু বেবী হালদাৰৰ ‘আলো-আঁধাৰি’ গ্ৰন্থত প্ৰতিফলিত নাৰী-বিষয়ক বিভিন্ন প্ৰসংগৰ বিশদ আলোচনা।
আলোচ্য বিষয়সমূহ অৱতাৰণা কৰোঁতে লেখিকাই অপৰ্যাপ্ত তথ্য, উদ্ধৃতি আদি ব্যৱহাৰ কৰাৰ উপৰি যথেষ্ট সংখ্যক প্ৰসংগ আলোচনাৰ আওতালৈ আনিছে। উদাহৰণস্বৰূপে, মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ বিষয়ে আলোচনা কৰোঁতে ড০ হীৰেন গোহাঁই, ড০ কমলা ৰত্নমকে আদি কৰি বহুকেইগৰাকী ব্যক্তিৰ মন্তব্য তুলি আনি তাৰ আধাৰত মূল দিশসমূহ ব্যাখ্যা কৰা হৈছে। একেদৰে ‘ঊনবিংশ শতিকাৰ অসমীয়া সমাজ আৰু নাৰী’ শীৰ্ষক প্ৰবন্ধত নিৰ্দিষ্ট সময়ছোৱাৰ অসমখনৰ পটভূমি নিৰূপণ কৰি নাৰীৰ সামাজিক অৱস্থান, বংগৰ নৱ জাগৰণ, মিছনেৰীসকলৰ আগমন, স্ত্ৰী শিক্ষাৰ প্ৰচলন, নাৰী সম্পৰ্কীয় আইন, শিক্ষা আৰু চিকিৎসা-ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ ইত্যাদি বহুকেইটা প্ৰসংগত আলোকপাত কৰা হৈছে।
অসমৰ নাৰী অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত ‘নাৰী : ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ’ গ্ৰন্থখন নিঃসন্দেহে এক উৎকৃষ্ট সমল হিচাপে চিহ্নিত হৈ ৰ’ব।
নাৰী : ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ
জুনু বৰা
পূৰ্বায়ণ প্ৰকাশন
দাম ২৫০ টকা
Powered by YARPP.
₹ 2,000.00 Original price was: ₹ 2,000.00.₹ 1,500.00Current price is: ₹ 1,500.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 260.00Current price is: ₹ 260.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.