(১) ঔসচ বাঝে মঙ্গল্য কৰি ।
সূৰ্যক দেখাইবা নয়ন ভৰি ।
ব্যাখ্যা- অশৌচ যোৱাৰ পিছত মাঙ্গলিক কার্যাদি সম্পন্ন কৰি নৱজাতকক বাহিৰলৈ আনি সূৰ্য্যক দেখুৱাব লাগে (সূৰ্য্যশুদ্ধি)।
(২) সিজনে পাৰে জদি ইন্দ্রিয় জিনিত।
তেবে বিন্ধ্যাগিৰি পাৰে সাগোৰ তৰিত।
ব্যাখ্যা- যিজনে দধি-দুগ্ধ আৰু শালি ধানৰ অন্ন ভোজন কৰে আৰু তেওঁ যদি নিজ ইন্দ্রিয়াদিক দমন কৰিব পাৰে তেন্তে তেওঁ অনায়াসে বিন্ধ্য পর্বত আৰু সাগৰ অতিক্ৰম কৰিব পাৰে অর্থাৎ দুষ্কৰ কাৰ্যত সিদ্ধি কৰিব পাৰে।
(৩) ভেদ দণ্ড সাম দান।
চাৰি ৰুপে ন্যায়ক জান।
ব্যাখ্যা- ন্যায়ৰ মূল ভিত্তি ভেদ অর্থাৎ শত্রু বশীকৰণৰ উপায়; দণ্ড অর্থাৎ শাস্তি, শিক্ষা, দমন আৰু শাসন, সাম অর্থাৎ সন্ধি আৰু দান অর্থাৎ ত্যাগ-বিসর্জন ।
(৪) যেবে জসি জস বখানে আনে।
তেবেসে গৃহস্ত আটি খাই ধানে।
ব্যাখ্যা- সেইজনেই যশস্বী ব্যক্তি যাৰ যশ আনে প্রশংসা কৰে আৰু সেইজনেই প্রকৃত গৃহস্থ যিজনে ঘৰৰ ধানেৰে বছৰটো খাব পাৰে ।
(৫) সৰ্ব্ব গুনিয়াক ভাতে নাটে।
দুষ্ট পুত্র জাৰ নিতে কান্দে ।।
ব্যাখ্যা- সর্ব গুণযুক্ত লোকক অর্থাৎ সর্ব গুণীয়াক কোনো দিনে ভাতে নাটে আৰু যি মাক বাপেকৰ পুত্ৰ দুষ্ট তেওঁলোকে সদায় চকুলো টুকিব লগা হয়।
(৬) অপোচ পাত্র নোহে ভাল।
দন্ত খসিলে কিলৰ গিতাল ।।
ব্যাখ্যা- যি বিষয়া বা মন্ত্ৰীয়ে সুধি মেলি প্ৰশাসনীয় কাম নকৰে তেওঁক ভাল বুলিব নোৱাৰি তেনেদৰে দাঁত সৰাজন কেতিয়াও গীতাল অর্থাৎ গায়ক হব নোৱাৰে।
(৭) ৰান্ধন সালত যাৰ নাবাজিল পটা।
স্নানৰ সময়ত জাৰ নভৈল ফোটা।।
সিত কালত যাৰ নাহিকে বস্ত্ৰ।
যুদ্ধ সময়ত নাহিকে অস্ত্ৰ।।
যজ্ঞ অৱসানে নাহি দক্ষিনা।
বোলন্ত ডাকে পাচো বিড়ম্বনা ।
ব্যাখ্যা- যি ৰান্ধনী ঘৰত ভাত ৰন্ধাৰ সময়ত পটাত মচলা বটাৰ শব্দ নহয়, স্নানৰ পিছত যিজনে ফোটা নলয়, শীত কালত গাত ল’বলৈ যাৰ কাপোৰ নাই, অস্ত্র-শস্ত্র নোহোৱাকৈ যুঁজ কৰিবলৈ যোৱা কাৰ্য্য আৰু যজ্ঞৰ সমাপ্তিত দক্ষিণা নোহোৱা— এই পাঁচোবিধ কাৰ্যই বিড়ম্বনা মাথোন ।
(৮) জুইক দৃষ্টি সূৰ্যক পিঠি।
কৰাই মুঠি মাহ গুটি।
ব্যাখ্যা- জুই পুৱাব লাগে জুইকুৰা সমুখত ৰাখি, সূৰ্যৰ ফালে পিঠি দি ৰ’দ লব লাগে। মুঠি মাৰি কৰাই খাব লাগে আৰু মাহৰ চেই এটি এটিকে খাব লাগে।
(৯) সকলে নিলে কিহৰ নিয়া।
পাছে পাসে কিহৰ বিয়।।
ব্যাখ্যা- বলী আৰু নিৰ্বলীৰ মাজত সম্পর্ক নিষ্ফল । পঞ্চাশ বছৰীয়া দৰাৰ লগত পাঁচ বছৰীয়া কন্যাৰ বিয়াও সেইদৰে নিস্ফল।
(১০) নিধনি ককা বেঙ্গেনা পকা।
দৰিদ্ৰৰ সোদৰ ভাই।
ব্যাখ্যা- দুখীয়া ককাই (বা ককা/আতা), পকা বেঙেনা আৰু দৰিদ্ৰজনৰ সহোদৰ ভাইৰো কোনো মূল্য নাই।
(১১) কেসৰি নষ্ট গেল টিপচিক পুসি।
মানুহ নষ্ট গেল অন্যোন্যে দুসি।।
ব্যাখ্যা- পোহনীয়া টিপচি চৰাই এটিয়ে সিংহক বিপদত পেলাইছিল, মানুহেও পৰস্পৰে পৰম্পৰক দোষাৰোপ কৰি বিপদত পৰে ।
(১২) মহ বামুন বৰা। পানি নাপালে তিনিও মৰা।।
চাগ চাএ চাই।
বৰুসন হলে তিনিকো নাপাই।।
ব্যাখ্যা- ম’হ , বামুণ আৰু গাহৰি — এই তিনিৰো বাবে পানী অপৰিহাৰ্য। বৰষুণ দি থকা অৱস্থাত ছাগলি , ছাঁ আৰু ছাই বাহিৰত পোৱা নাযায়।
(১৩) আসাঢ়ৰ নৱমী শুক্লপক্ষত। যদি বৰিসে ভুমি তলত।।
হাল তুল বেচি চিন্তিয়ো দেৱ।
ৰাজ গৃহত কৰিয়ো সেৱ।।
ব্যাখ্যা- আহাৰ মাহৰ শুক্ল পক্ষ নবমী তিথিত বৰষুণ হলে সেই বছৰত খেতি-বাতি নহয়। গতিকে খেতিৰ আশা এৰি ৰাজসেৱা কৰা উচিত।
(১৪) চৈত্ৰৰ চতুৰ্দসি যদি সমতুল।
ডাকে বোলে বর্ষা হোৱে বহুল।।
ব্যাখ্যা- যি বছৰত চ’ত মাহত দুটা চতুর্দশী তিথি পৰে সেই বছৰত বৰকৈ বৰষুণ হয়।
(১৫) তিথি বৃদ্ধিয়ে শস্যক নাসে।
ঋক্ষ বৃদ্ধিয়ে তিল নাসে।
ব্যাখ্যা- যি বছৰৰ কোনো এটি মাহত তিথিৰ সংখ্যা বেছি হয় সেই বছৰতে খেতি-বাতি নষ্ট হয় আকৌ তেনেদৰে নক্ষত্ৰৰ বৃদ্ধিয়ে তিলৰ খেতি নষ্ট কৰে।
(১৬) উদয়ে সিন্দুৰ পচিমে কালা।
তেবে জানা বহু বাৰিষাৰ মালা ।।
ব্যাখ্যা- যি বছৰত সেন্দুৰৰ দৰে ৰঙা হৈ সূৰ্য উদয় হয় আৰু পাটত বহাৰ সময়ত ক’লা হয়— সেই বছৰত দুৰ্ঘোৰ বাৰিষা হয়।
(১৭) ধনু মিন কন্যা তৰনিৰ বাস।
হাথি ঘোড়া গৰু মানুহ নাস।।
ব্যাখ্যা-যি বছৰত ধনু, মীন আৰু কন্যা ৰাশিত আদিত্য থাকে সেই বছৰত হাতী, ঘোঁৰা, গৰু, মানুহ আদি মৰি দেশত হাহাকাৰৰ সৃষ্টি কৰে।
(১৮) তুলা কৰ্কট মেষ মকৰ।
এই চাৰি ৰাশি গ্ৰহৰ সাগৰ।।
ব্যাখ্যা- জন্ম কুণ্ডলীৰ তুলা, কর্কট, মেষ আৰু মকৰ ৰাশিৰ ঘৰক গ্রহৰ সাগৰ বোলে।
(১৯) শুক্ৰ গুৰু চান্দ বাৰক চাই।
পঞ্চ ৰেখা আগে কৰিব জাই।।
ব্যাখ্যা- শুক্রবাৰ, বৃহস্পতিবাৰ আৰু সোমবাৰ প্ৰথম হ’ল কৰ্ষণৰ বাবে প্ৰশস্ত দিন ।
(২০) সাতে পাতাল পাচে ঘন।
চয়ে তামোল নন্দন বন্দন ।।
ব্যাখ্যা- সাত হাতৰ আঁতৰে আঁতৰে তামোল ৰোপণ কৰিলে পাতল হয় আৰু পাঁচ হাৰ আঁতৰে আঁতৰে তামোল ৰুলে ঘন হয়। ছয় হাতৰ আঁতৰে আঁতৰে তামোল ৰোৱা উচিত।