– চকু চৰহা — লোকৰ ভাল দেখিব নোৱৰা ৷
– চকু পোৰা — লোকৰ ভাল দেখি সহিব নোৱৰা ৷
– চকু লগা — টোপনি অহা ৷
– চকু দিয়া — সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা ৷
– চকু মুদা — মৃত্যু হোৱা ৷
– চকুত লগা — ধুনীয়া হোৱা ৷
– চকু ফুৰা — ওপৰে ওপৰে চোৱা ৷
– কথা চহকী — বৰকৈ যি কথা কয় ৷
– কথা গৰকা — ভাল বেয়া যি গমি চায় ৷
– কথা ক — ভাব প্ৰকাশ কৰ ৷
– কথা হ — আলোচনা কৰ ৷
– কপাল ফুলা — সৌভাগ্য উপস্থিত হোৱা ৷
– কপাল ফুটা — দুৰ্ভাগ্য উপস্থিত হোৱা ৷
– কপাল ধিওৱা — আশাৰে বাট চোৱা ৷
– কপালৰ ঘাম মাটিত পেলোৱা — অতি পৰিশ্ৰম কৰা ৷
– কপাল ধোৱা — আশা এৰা ৷
– কাণ কটা — নিলাজ, দুষ্ট ৷
– কাণ দিয়া — মনোযোগ দিয়া ৷
– কাণ পতা — শুনিবলৈ সাজু হোৱা ৷
– কাণ বাগৰা — লোকৰ মুখে শুনা ৷
– কাণ এৰা — মনোযোগ নিদিয়া ৷
– কাণ কৰা — মনোযোগ দিয়া ৷
– কাণ সৰালি মৰা — নুশুনা ভাও জোৰা ৷
– কাণে কাণ মাৰি — কোনো মতে ৷
– কঁকাল ভগা — দুৰ্বল হোৱা, ক্ষমতাহীন হোৱা ৷
– কঁকাল পৰা — বুঢ়া হোৱা, দুৰ্বল হোৱা৷
– কঁকাল বন্ধা — কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা ৷
– কঁকাল দঙা — পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা ৷
– আঁঠু লোৱা — সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা ৷
– আঁঠুত সোণ বিচাৰ — কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা ৷
– গা ধৰা — শকত হোৱা ৷
– গা এৰা দিয়া — সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া ৷
– গা দাঙি কোৱা — সাহস কৰি কোৱা ৷
– গা ৰখা — হানি বা নষ্টৰ পৰা ৰক্ষা কৰা ৷
– গা পাতি লোৱা — কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা ৷
– গা গধুৰ — এলেহুৱা ৷
– গা ঘেলাই ফুৰা — কাম- বন নকৰি ধুন মাৰি ফুৰা ৷
– গা ধৰ — শকত হ ৷
– গাৰ নোম ডাল ডাল হ — ভয়ত শিয়ঁৰি উঠ ৷
– গা চেবা — সন্দেহ হোৱা ৷
– গা দাং — নৰিয়াৰ পৰা উঠা ৷
– গা তোলা — দায়িত্ব বহন কৰা, মান্তি হোৱা ৷
– গা জুৰা — সন্তোষ পোৱা ৷
– গা লৰাই কৰা — মনোযোগ দি কোনো কাম কৰা ৷
– গা নচুৱাই ফুৰা — কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা ৷
– গাত হাত দিয়া — মৰিওৱা বা অপদস্থ কৰা ৷
– গা জোৰা — যথেষ্ট হোৱা, অটা ৷
– গা সৰা — বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা ৷
– গা ৰোৱা — কোনোমতে ৰক্ষা পৰা ৷
– গা তোলা — পুনৰ টনকিয়াল হোৱা ৷
– গা ভাৰী — গৰ্ভৱতী ৷
– গা ঘেলাই ফুৰা —কাম-বন নকৰি ধুন মাৰি ফুৰা ৷
– গা ৰাঁই জাঁই কৰা — চাটি-ফুটি কৰা বা অস্থিৰ হোৱা ৷
– চকু ৰোৱা — দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয় ৷
– চকু ফুৰাই চোৱা — ওপৰে ওপৰে চোৱা ৷
– চকু মুদা কুলি —প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি ৷
– চকুত ধুলি মৰা — ফাকি দিয়া ৷
– চকুৰ পচাৰতে — নিমিষতে , ক্ষন্তেকতে ৷
– চকুৰ কুটা — অপ্ৰিয় ৷
– চকুৰ মণি — অতি প্ৰিয় বা আদৰৰ ৷
– চকু জুৰ পৰা — চাই সন্তোষ পোৱা ৷
– চকু মেলি চোৱা — অনুগ্ৰহ কৰা ৷
– চকু ৰখা — যত্ন কৰা, ভালদৰে মন কৰা ৷
– চকু এৰা — আশা নকৰা, মনোযোগ দিবলৈ এৰা ৷
– মুখ লগা — আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷
– মুখ নোহোৱা — গঢ় লগাই কথা ক’ব নোৱাৰা ৷
– মুখ মেলা — আনলৈ আশা কৰা ৷
– মুখ মৰা — নিমাত হোৱা ৷
– মুখ বজোৱা — কাজিয়া কৰা ৷
– মুখ ফালি কোৱা — স্পষ্টকৈ কোৱা ৷
– মুখলৈ চোৱা — মৰম বা দয়া কৰা ৷
– মুখত সোপা দিয়া — মাত নাইকিয়া কৰা , নিমাত কৰা ৷
– মুখৰ ভাত কাঢ়ি নিয়া — পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া ৷
– মুখেৰে সাত হাল বোৱা — ফিতাহি মাৰি কথা কোৱা ৷
– মুখ পাতি ধৰা — আনৰ কথাত নিজে সোমোৱা ৷
– মুখ উজলোৱা — নাম জনাজাত কৰা ৷
– মুখ উফন্দা — অসন্তোষ ভাৱ দেখুৱা ৷
– দাঁত লগা — লোকৰ চকু পৰাত অমংগল হোৱা ৷
– দাঁতে ওঁঠে নলগা — কোনো কাজিয়া পেচাল নোহোৱা ৷
– দাঁত নাই — সাহস নথকা, সামৰ্থ্য নাই ৷
– হাত এৰা — দায়িত্ব এৰা ৷
– হাত কৰা — নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা ৷
– হাত ঘলা — আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷
– হাত চোৱা — মংগল চোৱা বা ভাল – বেয়া বিচাৰ কৰা ৷
– হাত দিয়া — কোনো কামত ধৰা ৷
– হাত পতা — ভিক্ষা কৰা, কোনো বস্তু খোজা ৷
– হাত ধৰা — টানকৈ চলা , কৰিব নোৱাৰা হোৱা ৷
– হাত পৰা — অধোগতি , তললৈ নমা ৷
– হাত থকা — প্ৰভাৱ থকা ৷
– হাত ঊঠা — উন্নতি হোৱা , কৃতকাৰ্য হোৱা ৷
– হাত অহা — অভ্যাস হোৱা ৷
– হাত মৰা — লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷
– হাত মেলা — নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷
– হাত সৰা — ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা ৷
– হাত সাৱতা — কোনো কাম নকৰি এনেয়ে থকা ৷
– হাত বাগৰা — আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷
– হাত মুকলি — খৰছী, অবাবত খৰচ কৰা ৷
– হাত খালি — টকা – পইছা নথকা ৷
– হাত টান — কৃপণ, চিকতা ৷
– হাত চুটি — ক্ষমতাহীন, অভাৱী মানুহ ৷
– হাত দীঘল — ক্ষমতাশালী ৷
– হাতে-লোতে — অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷
– হাত ধোৱা — আশা এৰা বা সম্পৰ্ক এৰা ৷
– হাত লৰ — চোৰ স্বভাৱ ৷
– হাতৰ মুঠিত ৰখা — নিজৰ অধীনত ৰখা ৷
– হাতে ভৰিয়ে ধৰা — কাবৌ-কোকালি কৰা ৷
– হাতে নামাৰি ভাতে মৰা — দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷
– হাতত সাৰে ভৰিত সাৰে — গোপনে , মনে মনে ৷
– হাত বুলোৱা — মৰম কৰা ৷
– হাত যোৰ কৰা — প্ৰাৰ্থনা কৰা ৷
– হাত উজান দিয়া — কামত সহায় কৰা ৷
– হাড়-ছাল ওলোৱা — অতি ক্ষীণ ৷
– হাড়ক মাটি কৰা — অতিৰিক্ত পৰিশ্ৰম কৰা ৷
– হাড়লৈকে চিন — ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷
– হাড় ভগা বন — কঠিন কাম ৷
– হাড়ত বন গজা — বহুদিনৰ আগতে মৰা ৷
– হাড় পেলোৱা — মৃত্যু হোৱা ৷
– হাড় নাইকিয়া জিভা — লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ ৷
– হিয়া ধুনা — কান্দি ব্যাকুল হোৱা ৷
– হিয়া ধাকুৰীয়া — শোকত ব্যাকুল হোৱা ৷
– হিয়াৰ আমঠু — প্ৰিয়তম লোক ৷
– অজীন পাতকী — মিলিব নোৱাৰা, দন্দুৰা লোক ৷
– অথাই সাগৰ — ডাঙৰ বিপদ ৷
– অমাতৰ মাত — শুনিবলৈ শুৱলা নাত ৷
– অলপ পানীৰ মাছ — দুৰ্বল , নিমাখিত ৷
– অচিন কাঠৰ থোৰা — অপৰিচিত ৷
– অহুত কাণে পহুৰ কাণে — উৰা বাতৰি, ঘুনুক ঘানাককৈ শুণা ৷
– আকোৰ গোঁজালি — একেটা কথাত লাগি থকা ৷
– অটোম টোকাৰি — পৰিপাটি ৷
– আথে – বেথে — অতি সাদৰৰ ৷
– আমঠু ক’লা পৰা — মনত বৰ আঘাত পোৱা ৷
– আকাশী সৰগ ভাগি পৰা — ডাঙৰ বিপদ হোৱা ৷
– আলিবাটত চালি ধৰা — ধুন মাৰি ফুৰা ৷
– আজল মঠ — জানিও নজনা ভাও ধৰা ৷
– আভুৱা ভৰা — ঠগ, প্ৰবঞ্চনা কৰা ৷
– আকাশত চাং পতা — অস্বাভাৱিক কল্পনা কৰা ৷
– আলৈ-আথানি — নিৰাশ্ৰয় বা নি:সহায় ৷